হাফলং 15 আগষ্ট:সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি ডিমা হাছাও জিলাত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । জিলা প্ৰশাসনৰ উদ্যোগত হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত পুৱা 9 বজাত আনুষ্ঠানিকভাৱে জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷ দেবলাল গাৰ্লচাই শ্বহীদ তৰ্পণ কৰাৰ ইয়াৰ পিচত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ লোৱা আৰক্ষী গৃহৰক্ষী বাহিনী, পঞ্চম আৰক্ষী বেটেলিয়ন, এনচিচি. স্কাউট-গাইডৰ অভিবাদন গ্ৰহণ কৰে ।
মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই জাতীয় পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত কয়, ডিমা হাছাও জিলাত এক সময় অশান্তি বিৰাজ কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ডিমা হাছাও জিলাৰ ৰাইজৰ সহযোগিতাত এতিয়া পাহাৰীয়া জিলাত শান্তি ঘূৰি আহিছে । জিলাখনত উন্নয়নৰ কাম আৰম্ভ হৈছে ।
দেবলাল গাৰ্লোচাই নিজৰ ভাষণত কয় 2016 চনৰ আগতে ডিমা হাছাও জিলাৰ অৱস্থা কেনেকৈ আছিল । কিন্তু 2016 চনৰ পিচতে ডিমা হাছাও জিলাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে । শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পথ সকলো ক্ষেত্ৰত উন্নয়নৰ পথ প্ৰশস্ত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় প্ৰধামন্ত্ৰীৰ বাবে এতিয়া দিল্লীত ডিমাছা ভৱন নিৰ্মাণৰ কাম চলি আছে । তেওঁ আৰু কয় যোৱা 60 বছৰত ডিমা হাছাও জিলাত উন্নয়নৰ কাম তেনেকৈ কাম হোৱা নাছিল ৷ বিজেপিৰ চৰকাৰ অহাৰ পিচতে ডিমা হাছাও জিলাত উন্নয়নৰ কাম আৰম্ভ হৈছে ৷