ডিমা হাছাও, 20 নৱেম্বৰ: প্ৰতি বছৰে হাফলং হ্ৰদৰ ওচৰতে ভক্তসকলৰ সমাগম ঘটে ষট পূজাৰ বাবে । কিন্তু কৰ'ণা ভাইৰাছৰ বাবে এই বছৰ হাফলঙত উলহ মালহকৈ পালন কৰা নহয় ষট পূজা । শুকুৰবাৰে নিশা জিলাখনত অনুষ্ঠিত হ’ব ষট পূজা ৷ যাৰ বাবে হাফলং হ্ৰদৰ ওচৰতে চলিছে ষট পূজাৰ আয়োজন । ষট পূজাৰ বাবে এইবাৰে চৰকাৰে নিৰ্ধাৰণ কৰি দিছে নিৰ্দেশনা । 10 বছৰ তলৰ শিশু আৰু 65 বছৰ উৰ্ধৰ লোকসকলক ঘৰতেই থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ।
হাফলঙত কভিড প্ৰট'কলৰ মাজত ষট পূজাৰ আয়োজন - HAFLONG
কৰ'ণা ভাইৰাছৰ বাবে এই বছৰ হাফলঙত উলহ মালহকৈ পালন কৰা নহয় ষট পূজা ।
![হাফলঙত কভিড প্ৰট'কলৰ মাজত ষট পূজাৰ আয়োজন CHHATH PUJA PREPARATION IN HAFLONG](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9605593-thumbnail-3x2-dim.jpg)
হাফলঙত কভিড প্ৰট'কলৰ মাজত ষট পূজাৰ আয়োজন
হাফলঙত কভিড প্ৰট'কলৰ মাজত ষট পূজাৰ আয়োজন
হাফলং ষট পূজা কমিটিৰ সদস্য সন্তোষ চৌধুৰীয়ে সম্পূৰ্ণ কভিড প্ৰট'কল মানি ষট পূজাৰ আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অন্য বছৰৰ দৰে এই বছৰ উলহ মালহেৰে ষট পূজাৰ আয়োজন কৰা নহয় বুলি উল্লেখ কৰে । তদুপৰি প্ৰসাদৰ কোনো ব্যৱস্থা কৰা নাই বুলি জানিবলৈ দিয়ে সন্তোষ চৌধুৰীয়ে ।
লগতে পঢ়ক: গ্ৰেপ্তাৰ এছ আই কেলেংকাৰী মূল অভিযুক্ত কুমুদ কলিতা