ডিমা হাছাও,16 মেঃডিমা হাছাও জিলাত প্ৰশাসনিক স্তৰত সাল-সলনি । সন্তোষ হোজাই হত্যাকাণ্ডক লৈ আৰক্ষী-প্ৰশাসনৰ ভূমিকা দল সংগঠনে সন্দেহজনক বুলি মন্তব্য কৰাৰ পিছতেই ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক বদলি কৰা হয় । ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত এই সাল-সলনি কৰা হয় ।
উল্লেখ্য যে, ডিমা হাছাওৰ নতুন জিলা উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী উন্নয়ন বিভাগৰ যুটীয়া সচিব তথা গুৱাহাটী জল ব'ৰ্ডৰ মিছন ডাইৰেক্টৰ আৰু এইউআইআইপি ৰ প্ৰজেক্ট ডাইৰেক্টৰ পল বৰুৱাক । লগতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ক্ৰমে আইপিএচ বিষয়া জয়ন্ত সিং আৰু বৰকিৰি টেৰাঙক ।