অসম

assam

হাফলঙত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Sep 5, 2019, 4:42 PM IST

নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিবৰ বাবে স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে উদ্যোগ মন্ত্ৰীজনে ৷ হাফলঙৰ ৰাণী গাইদালু জুনিয়ৰ কলেজ কেম্পাছত স্থাপন কৰা হৈছে উক্ত চেণ্টাৰটো ৷

হাফলঙত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ডিমা হাছাও, ৫ চেপ্টেম্বৰঃ ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে হাফলঙৰ ৰাণী গাইদালু জুনিয়ৰ কলেজ কেম্পাছত মাল্টি পাৰপাছ স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে ৷ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই চেণ্টাৰে পাহাৰীয়া জিলাখনৰ নিবনুৱা যুৱক যুৱতীসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব ৷ উল্লেখ্য যে, হেৰেককা সেৱা ট্ৰাষ্টৰ অধীনত স্থাপন হোৱা এই মাল্টি পাৰপাছ স্কিল ডেভেলপমেণ্ট চেণ্টাৰত পাহাৰীয়া জিলাৰ যুৱক যুৱতী সকলক বয়ন শিল্প, কম্পিউটাৰ আদিৰ প্ৰশিক্ষণ দিয়া হব ৷ উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল বিধায়ক বীৰভদ্ৰ হাগজা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ সিইএম দেৱলাল গাৰ্লছা, ইএম নিপোলাল হোজাই আৰু ম্যানেজিং ডিৰেক্টৰ আনন্দ প্ৰকাশৰ লগতে বহুকেইজন ব্যক্তি ৷

হাফলঙত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ABOUT THE AUTHOR

...view details