ডিমা হাছাও,১০ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ উছাহ । প্ৰান্তে প্ৰান্তে আয়োজন ব'হাগী মেলাৰ । ব্য়তিক্ৰম নহয় হাফলঙো । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙতো দেওবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ অসমী ব'হাগী মেলাৰ (Bohagi Mela at Haflong)। ১০ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ চলিব এই ব'হাগী মেলা ।
জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পাৰৰ বিপনী অসমী ব'হাগী মেলাত Assam State Rural Livelihood Mission (ASRLM) Panchayat & Rural Development বিভাগৰ উদ্যোগত আয়োজিত অসমী বহাগী মেলাৰ দেওবাৰে দিনৰ ১২ বজাত উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপুৱে ।
হাফলং নগৰ সমিতিৰ পথাৰত অনুষ্ঠিত এই অসমী বহাগী মেলাত ডিমা হাছাও জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ ষ্টল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ হাতেৰে তৈয়াৰী কৰা কাপোৰ আৰু খাদ্য সামগ্ৰীৰ ষ্টল আৰু জৈৱিক শাক পাচলিৰ বিপনীও দেখিবলৈ পোৱা গৈছে ।
অসমী ব'হাগী মেলাত পৰম্পৰাগত আ-অলংকাৰৰ এখন বিপনী ভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভাস লোকাচাৰ দাঙি ধৰাৰ উদ্দেশ্যেই আয়োজন কৰা হৈছে এই অসমী ব'হাগী মেলাৰ । ১২ এপ্ৰিল সোমবাৰে অনুষ্ঠিত হ'ব কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত অংকন প্ৰতিযোগিতা আদিকে ধৰি আৰু বিভিন্ন অনুষ্ঠান ।
লগতে পঢ়ক:মূল্যবৃদ্ধি সন্দৰ্ভত বিমান ভিতৰত কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰানীক প্ৰশ্ন নীতা ডি'ছুজাৰ