অসম

assam

ETV Bharat / state

উত্তৰ কাছাৰত পুনৰ উৰিল বিজেপিৰ ধ্বজা

উত্তৰ কাছাৰত একমুখীয়া নিৰ্বাচনী ফলাফল দেখা গ'ল । ২২ টা সমষ্টিৰ এতিয়ালৈ ১৭ টাতে বিজেপিৰ প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি (NCHAC election results)। ৬ টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয়লাভ ।

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 5:33 PM IST

NCHAC election
উত্তৰ কাছাৰত পুনৰ উৰিল বিজেপিৰ ধ্বজা

উত্তৰ কাছাৰত পুনৰ উৰিল বিজেপিৰ ধ্বজা

হাফলং,১২ জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পুনৰ ক্ষমতা দখল ভাৰতীয় জনতা পাৰ্টীৰ । বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদ দখল কৰিলে । শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা হাফলং ড'নবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা আৰম্ভ হোৱাৰ পিছৰে পৰা বিজেপি অপ্ৰতিৰোধ্যভাৱে আগবাঢ়ি থকা দেখা গৈছিল । শেষত বিৰোধীক আঘাত দি বিজেপিয়েই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল ।

উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮ টা সমষ্টিৰ ভিতৰত ৬ টা সমষ্টিত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল । পিচত নিৰ্বাচন অনুষ্ঠিত হয় পৰিষদৰ ২২ টা সমষ্টিত । পুৱাৰে পৰা এই ২২ খন আসনত ভোটগণনা আৰম্ভ হয় । ইতিমধ্যে এই ২২ খন আসনৰ ভিতৰত ১১ খন আসনতে বিজেপি প্ৰাৰ্থী জয়লাভ কৰিছে । ইয়াৰ সৈতে মুঠ ১৭ খন আসনত বিজেপি প্ৰাৰ্থী জয়লাভ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পুনৰ ক্ষমতা দখল কৰিলে বিজেপি দলে ।

ইয়াৰ ভিতৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাফলং, জাতিংগা, বৰাইল, মাহুৰ, লাইচং, হানগৰুম, জিনাম, কালচান্দ, দাওটোহাজা, ওয়াজাৱ, লাংটিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ক্ৰমে ধনপাইনন থাওচেন, ফ্লেমিং ৰূপচী চাইলা, গোলমিনথাং লিয়েনথাং, প্ৰবীতা জহৰি, পাওদামিঙ নৃয়ামে, নহা দাইমে, যসুমথাং মাৰ, ৰতন জাৰামবুচা, প্ৰণত ৰাজিয়ুং, বিশ্বজিত দাওলাগাপু, ধৃতি থাওচেনে জয়লাভ কৰিছে ।

ইয়াৰ লগে লগে উত্তৰ কাছাৰ পাৰ্বত্য জিলা বিজেপিত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ঠায়ে ঠায়ে বিজেপি নেতা-কৰ্মীসকলে বিজয় উৎসৱ উদযাপন কৰাও দেখা গৈছে ।

লগতে পঢ়ক :উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বৰ্তমানলৈ সৰ্বমুঠ 10 খন আসনত জয়লাভ বিজেপিৰ

ABOUT THE AUTHOR

...view details