হাফলং, 17 ডিচেম্বৰ : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ অহা 8 জানুৱাৰীত 28 টা পৰিষদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । সেয়ে প্ৰতিটো ৰাজনৈতিক দলে পৰিষদীয় নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ শনিবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাছাও জিলা বিজেপিয়ে ৷ শনিবাৰে বিয়লিৰ ভাগত হাফলঙৰ বাজপেয়ী ভৱনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা আৰু বিজেপি দলৰ মুখপাত্ৰ লিটন চক্ৰৱৰ্তীৰ উপস্থিতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হয় ৷
এই সন্দৰ্ভত এন চি এইচ এ চি মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয়, ‘‘ যদিহে বিজেপিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পুনৰ ক্ষমতা দখল কৰে তেতিয়া হ’লে জিলাখনৰ শিক্ষাখণ্ডৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, পথ, ৰে’লপথৰ আন্তঃগাঁথনিসহ পৰ্যটন, কৃষি, জলসিঞ্চন, খোৱা পানীৰ সংকট দূৰ কৰা ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ হ’ব ৷ তদুপৰিও এন চি এইচ এ চিৰ ৰাজহ 150 কোটি টকা লৈ বৃদ্ধি কৰাৰ ব্যৱস্থা লোৱা হ’ব ৷’’