ডিমা হাছাও,২০ মাৰ্চ:ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে কিছুমান অঞ্চলত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে । স্পৰ্শকাতৰ অঞ্চল হিচাপে চৰ্চিত ডিমা হাছাও জিলাতো বৃহস্পতিবাৰে নিশা সংঘটিত হয় তীব্ৰ হিংসাত্মক ঘটনা ।
ডিমা হাছাও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ডেনিয়েল লাংথাচাই জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে দিহাংগী আৰক্ষী থানাৰ অন্তৰ্গত ডিকেৰেংমা গাঁৱত গ্ৰাম প্ৰধান হলেন্দ্ৰ ওয়াৰিচাৰ ঘৰত যুৱ কংগ্ৰেছৰ সদস্যসকলে এক সভাৰ আয়োজন কৰিছিল । সেই সময়তে বিজেপি দলৰ গুণ্ডা বাহিনীয়ে দুখন বাহন লৈ তাত উপস্থিত হয় । তাৰ পিছত বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ডেনিয়েল লাংথাচাই ।