অসম

assam

ETV Bharat / state

ডিমা হাছাওত বিদ্যালয় গৃহ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই - পাহাৰীয়া জিলা

ডিমা হাচাও জিলাৰ লাংটিঙত উপস্থিত হয় ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা ৷ পাহাৰীয়া জিলাখনত উপস্থিত হৈ কে. এচ. থাওচেন সৰস্বতী বিদ্যা মন্দিৰ নামৰ এখন বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

bhabesh kalita visited dima hasao
ডিমা হাছাওত বিদ্যালয় গৃহ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই

By

Published : Jan 8, 2021, 10:42 PM IST

ডিমা হাছাও, 8 জানুৱাৰী: ডিমা হাছাও জিলাৰ লাংটিঙত শুকুৰবাৰে কে. এচ. থাওচেন সৰস্বতী বিদ্যা মন্দিৰ নামৰ এখন বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই।

ডিমা হাছাওত বিদ্যালয় গৃহ উদ্বোধন কৰে মন্ত্ৰী ভৱেশ কলিতাই

শুকুৰবাৰে এই বিদ্যালয় ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিধায়ক বীৰভদ্ৰ হাগজেৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা,পাৰ্বত্য পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা, শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত কাৰ্যনিৰ্বাহক সদস্য নন্দিতা গাৰ্লচা বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেন,বিশ্ব হিন্দু পৰিষদৰ প্ৰচাৰক দীনেশ তিৱাৰী।

শুকুৰবাৰে এচ. কে. থাওচেন সৰস্বতী বিদ্যা মন্দিৰ নতুন বিদ্যালয় ভৱনৰ উদ্বোধন কৰি মন্ত্ৰী ভৱেশ কলিতাই কয় যে, পাহাৰীয়া জিলা খনত এই ধৰণৰ বিদ্যালয় নিৰ্মাণ হোৱাৰ ফলত শিক্ষা ক্ষেত্ৰত পিছ পৰি থকা এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষ কৰি লাভবান হ‘ব ৷

লগতে পঢ়ক: কেতিয়া নিৰ্বাপিত হ'ব নাগালেণ্ডৰ জকু' ভেলীৰ বন জুই ?

ABOUT THE AUTHOR

...view details