হাফলং 9 জুন:প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (PM Jan Arogya Yojana) জৰিয়তে দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসাৰ বাবে আয়ুস্মান কাৰ্ড বিতৰণ কৰা হৈছে ৷ শুক্ৰবাৰ ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানত আয়ুস্মান কাৰ্ড হিতাধিকাৰীসকলক বিতৰণ কৰা হয় ৷
হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজ্যৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে 65 গৰাকী হিতাধিকাৰীক আয়ুস্মান কাৰ্ড বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত লগতে উপস্থি থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নিপোলাল হোজাই, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ লিনা হাকমকচা আৰু স্বাস্থ্য বিভাগৰ উপ-সচিব ৰেবেকা চাংছন (Ayushman Bharat Card) ৷
অনুষ্ঠানত ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa) কয়, ‘‘আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ বাবে ৰাজ্যৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক সকলক 5 লাখ টকাৰ সাহায্য আগবঢ়োৱা হ’ব । ৰেছন কাৰ্ড আৰু আধাৰ কাৰ্ড থকা দৰিদ্ৰ লোকসকলে আয়ুস্মান কাৰ্ড লাভ কৰিব ৷’’