অসম

assam

ETV Bharat / state

ডিমা হাছাওত জিলা প্ৰশাসনেৰে গুৰুত্বপূৰ্ণ বৈঠক দুই মন্ত্ৰীৰ - অসামৰিক বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

সোমবাৰে ডিমা হাছাও জিলা প্ৰশাসনৰ সৈতে অতুল বৰা আৰু ফনীভূষণ চৌধুৰীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ জিলাখনৰ শেহেতীয়া পৰিস্থিতিৰ লগতে পৰ্যাপ্ত সামগ্ৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য যোগান মন্ত্ৰীৰ ৷

Atul, Phani visit Dima Hasao, review COVID situation and african sowine fiver
ডিমা হাছাওত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক কৃষি মন্ত্ৰী-যোগান মন্ত্ৰীৰ

By

Published : May 12, 2020, 2:44 PM IST

ডিমা হাছাও, 12 মে' : সোমবাৰে ৰাজ্যৰ পশু পালন মন্ত্ৰী অতুল বৰা, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী হাফলংত উপস্থিত হৈ উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, বিধায়ক বীৰভদ্ৰ হাগজাৰ, জিলা উপাযুক্ত অমিতাভ ৰাজখোৱা, আৰু আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈৰ সৈতে হাফলং আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

বৈঠকৰ অন্তত মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে জনাই যে, লক্ ডাউনৰ সময়ত ৰাইজ যাতে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে চোকা দৃষ্টি ৰখাৰ উপৰিও জিলা প্ৰশাসনৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া ৷ তাৰ উপৰিও মন্ত্ৰী গৰাকীয়ে জিলাখনত পৰ্যাপ্ত পৰিমানে খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ যোগান বিভাগক নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে, কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হোৱা গাহৰি পালক সকলক উদ্দেশ্যি কয় যে, আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ইতিমধ্যে 13 হাজাৰ গাহৰিৰ মৃত্যু হৈছে ৷ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত চিকিৎসক আৰু বিশেষজ্ঞ দল পঠোৱা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

ডিমা হাছাওত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক কৃষি মন্ত্ৰী-যোগান মন্ত্ৰীৰ

লগতে ডিমা হাছাও জিলাত বাহিৰৰ পৰা গাহৰিৰ মাংস আৰু গাহৰি আমদানি কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : লক্ ডাউনে জুৰুলা কৰা সৰু সৰু মানুহৰ সংগ্ৰামী যাত্ৰাৰ কথাৰে...

ABOUT THE AUTHOR

...view details