ডিমা হাছাও, ৩০ মাৰ্চ: অসমত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩৯ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব । অহা ১ এপ্ৰিলত ১৬ নং হাফলং বিধানসভা সমষ্টি(উপজাতি সংৰক্ষিত)তো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সমষ্টিটোৰ ২৪৬টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পন্ন কৰা হ'ব ভোটদান প্ৰক্ৰিয়া । মঙলবাৰে ১০২টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় কেন্দ্ৰসমূহত নিয়োজিত নিৰ্বাচনী বিষয়াসকল ।
জিনাম ভেলী, বৰাইল, খেপৰে হাজাদিছা আৰু প্ৰত্যন্ত এলেকাৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে বিষয়াসকল ৰাওনা হয় । বুধবাৰে বাকী ১৪৪টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব নিৰ্বাচনী বিষয়াসকল । আনহাতে, এইবাৰ হাফলং সমষ্টিৰ ১০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা কৰ্মীয়ে । এই ১০টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী-নিৰাপত্তা বাহিনীৰ মহিলা জোৱানসকলক নিয়োজিত কৰা হৈছে ।