ডিমা হাছাও, 3 ফেব্ৰুৱাৰী:অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত চৰকাৰে অসমৰ চাহ বাগিতাৰ অধ্যুষিত অঞ্চলৰ হিতাধিকাৰী সকলক প্ৰদান কৰিছে 3 হাজাৰ টকাকৈ এক বিশেষ অনুদান ৷ এই উপলক্ষে ডিমা হাছাও জিলাৰ উমৰাংচুত কপিলী চাহ বাগিচাৰ 248 গৰাকী হিতাধিকাৰীক বুধাবাৰে 3 হাজাৰ টকা কৈ ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয়।
অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত উমৰাংচুত চেক বিতৰণ - উমৰাংচুত চেক বিতৰণ
ডিমা হাছাও জিলাৰ উমৰাংচুত কপিলী চাহ বাগিচাৰ 248 গৰাকী হিতাধিকাৰীক বুধাবাৰে 3 হাজাৰ টকা কৈ ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয়। এই ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷
![অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত উমৰাংচুত চেক বিতৰণ assam-tea-garden-dhan-puraskar-yojana](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10490200-thumbnail-3x2-hhhh.jpg)
অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত উমৰাংচুত চেক বিতৰণ
এই ধন মঞ্জুৰী পত্ৰ বিতৰণ কৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷ ডিমা হাছাও জিলাৰ উপায়ুক্ত জানিবলৈ দিয়া অনুসৰি চাহ বাগিচাৰ হিতাধিকাৰী সকলক অসম চাহ বাগিচা ধন পুৰষ্কাৰ যোজনাৰ অধিনত প্ৰথম পৰ্যায়ত 2 হাজাৰ 500 টকা, দ্বিতীয় পৰ্যায়ত 2 হাজাৰ 500 টকা দিয়া হৈছিল ৷ এইবাৰ তৃতীয় পৰ্যায়ত 3 হাজাৰ টকা কৈ 248 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: গোলাঘাটৰ বেবেজীয়াত ONGCৰ খাদত অগ্নিকাণ্ড