ডিমা হাছাও, 8 ডিচেম্বৰ :অসমত পুনৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰদান কৰে সৰ্ব ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে । দুদিনীয়া ডিমা হাছাও জিলা ভ্ৰমণ কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য় কৰে নেতা গৰাকীয়ে ৷
তেওঁ আকৌ কয় যে, বিজেপি চৰকাৰৰ সময়ত মানুহৰ মাজত এক অবিশ্বাসৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপি দলে । আনকি, বিজেপিয়ে নিবনুৱা সমস্যা সমাধানতও ব্যৰ্থ হৈছে ৷