গুৱাহাটী, 3 ডিচেম্বৰ:বুধবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশু আৰু মহিলাসহ 12 গৰাকীয়ে ৷ তাৰ পিচতেই এই দুৰ্ঘটনাক লৈ মত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সঠিক সংকেত চিহ্ন নথকাৰ বাবে নহয়, কুঁৱলীৰ বাবেহে দেৰগাঁৱৰ ভয়ানক পথ দুৰ্ঘটনা হ’বলৈ পালে ৷ সেয়ে, বনভোজকাৰী দল সমূহক সূৰ্যোদয় নোহোৱালৈকে ওলায় নাযাবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
উল্লেখ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাওত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তাৰ মাজতে সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে জনায় যে বনভোজ সন্দৰ্ভত আজি এক এছ অ’ পি প্ৰকাশ কৰা হৈছে ৷ এই এছ অ’ পি অনুসৰি বেলি উঠাৰ পিছতহে বনভোজকাৰীয়ে যাত্ৰা আৰম্ভ কৰিব পাৰিব আৰু সূৰ্যাস্তৰ পূৰ্বেই আহি পাব লাগিব ৷