অসম

assam

ETV Bharat / state

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

সম্বৰ্ধনা অনুষ্ঠানত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই পঢ়া শুনাৰ বাবে ছাত্ৰ-ছাত্ৰীক অধিক মনোযোগ দিবলৈ আহ্বান জনায় । তাৰোপৰি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত ই এম নন্দিতা গাৰ্লোছা ।

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

By

Published : Jun 14, 2019, 8:53 PM IST

ডিমা হাছাও, ১৪ জুনঃ হাফলঙত ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । হাইস্কুল আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ।

ডিমাছা ছাত্ৰ সংস্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

হাফলং সাংস্কৃতিক ভৱনত হাইস্কুল আৰু উচ্চ মাধ্যমিকৰ কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত ইএম নন্দিতা গাৰ্লোছাৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা।

লগতে আন এটা বাতৰি- বড়ো লেখিকালৈ লাৱণ্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা

ABOUT THE AUTHOR

...view details