ডিফু,১৫জুন: ডিফুত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ অন্তিম দিনৰ কাৰ্যসূচী বুধবাৰে পুৱাৰে পৰা আৰম্ভ হয় (Assam BJP holds two-day executive meeting at diphu ) ৷ মাটিপুংস্থিত অত্যাধুনিক টাউন হল’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় জাহাজ,আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা-কৰ্মী,সাংসদ,বিধায়ক আৰু মন্ত্ৰীসকলেও উপস্থিত থাকে ৷
অন্তিম দিনৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯.৩০ বজাত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰা পাৰিষদসকলক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Assam BJP President Bhabesh Kalita ) উপস্থিতিত ফুলেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Warm Felicitations To The Board Of KAAC ) ৷ এই সম্বৰ্দ্ধনা অনুষ্ঠানতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শীৰ্ষ নেতৃত্বৰ লগতে বিশেষকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷