হাফলং 10 জুন: দেৱলাল গাৰ্লোচাৰ নেতৃত্বত ডিমা হাছাও জিলাৰ (Dima Haso district) আমোল পৰিৱৰ্তন ঘটিছে ৷ এই মন্তব্য ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মোহনৰ ৷ শনিবাৰে পাহাৰীয়া জিলাখনত অসমত বিজেপি চৰকাৰৰ 7 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোৱা 7 বছৰত ডিমা হাছাও জিলাৰ আমোল পৰিবৰ্তন হৈছে ৷ শিক্ষাৰ পৰা আৰম্ভ কৰি পথ নিৰ্মাণ আৰু অন্যান্য দিশত বা দুখীয়া লোকসকলৰ সহায় কৰাৰ ক্ষেত্ৰতো চৰকাৰী প্ৰকল্পসমূহৰ জৰিয়তে সফলৰূপে কাম কৰি গৈছে দেৱলাল গাৰ্লোচাই ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ শক্তি বৃদ্ধি হোৱাৰ উপৰিও পৰ্যাপ্ত পৰিমাণে এতিয়া পুঁজি আহি আছে (North Cachar Hills Autonomous Council) ৷’’
তেওঁ লগতে কয়, ‘‘2022 চনত ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল ৷ কিন্তু তিনি মাহৰ ভিতৰতে পাহাৰীয়া জিলাখন সুচল কৰি তোলাৰ ক্ষেত্ৰত দেৱলাল গাৰ্লোচাই যিদৰে কাম কৰি গৈ জিলাখনক সুচল কৰি তুলিছিল সেয়া সকলোৱেই স্বীকাৰ কৰিব লাগিব ৷’’