অসম

assam

ETV Bharat / state

হাফলঙত কংগ্ৰেছক সমৰ্থন জনালে এএছডিচিয়ে - এএছডিচি

প্ৰাৰ্থীত্ব কেন্দ্ৰীক বাক বিতণ্ডাৰ মাজতে ফলং উপজাতি সংৰক্ষিত সমষ্টিত কংগ্ৰেছ দলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ।

ASDC supports Congress in Haflong
হাফলঙত কংগ্ৰেছক সমৰ্থন জনালে এএছডিচিয়ে

By

Published : Mar 7, 2021, 10:18 PM IST

ডিমা হাছাও, 7 মাৰ্চ:ৰাজ্যৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিত কংগ্ৰেছ দলক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে । হাফলংত আজি এএছডিচি আৰু কংগ্ৰেছ দলে যুটীয়া ভাবে এক সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে । ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাক লৈ ভাৰতীয় সংবিধানৰ 244 (ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিনৰ পৰা আন্দোলন চলাই অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি দলে হাফলং সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৷ ইয়াৰ পৰিবৰ্তে এএছডিচি দলে বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছ দলক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

হাফলঙত কংগ্ৰেছক সমৰ্থন জনালে এএছডিচিয়ে

সংবাদমেলত এএছডিচিৰ সভাপতি মঞ্জিত কাৰীগাপচাক কাষত লৈ ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতি তথা হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাই কয়, অহা নিৰ্বাচনত এএছডিচি দলে কংগ্ৰেছক সমৰ্থন কৰাৰ কথা ঘোষণা কৰাৰ ফলত কংগ্ৰেছ আৰু শক্তিশালী হ'ব । বিজেপি দলে পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বিষয়টো শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছে ৷ লগতে ষষ্ঠ অনুসূচী অধীনত থকা ডিমা হাছাও জিলাত জিপিডিপিৰ জৰিয়তে পঞ্চায়ত ৰাজ প্ৰৱৰ্তন কৰি উপজাতি জনগোষ্ঠীৰ অধিকাৰ কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে নিৰ্মল লাংথাচাই ৷

লগতে পঢ়ক: তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ

ABOUT THE AUTHOR

...view details