অসম

assam

By

Published : Oct 26, 2019, 5:54 PM IST

ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত মাইবং চহৰ

ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বান ৷ ভূমিস্খলনৰ ফলত হাফলং-শিলচৰ 54 নম্বৰ ঘাইপথ বন্ধ ৷

artificial flood in Maibang Dima Hasao

ডিমা হাছাও, 26 অক্টোবৰ: কৃত্ৰিম বানৰ কবলত মাইবং চহৰ। যোৱা দুদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবং এতিয়া কৃত্ৰিম বানৰ কবলত। মাইবং চহৰ আদিকে ধৰি হৰিশচন্দ্ৰপুৰত কৃত্ৰিম বানৰ কবলত পৰিছে বহুলোকৰ বাসগৃহও ।

লগতে পঢ়কঃ পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

ৰাইজৰ অভিযোগ মাইবং চহৰত নৰ্দমাৰ ব্যৱস্থা ঠিক নোহোৱাৰ কাৰণে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা দুদিনৰ পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে পাহাৰীয়া জিলাখনত। ফলশ্ৰুতিত ডিমা হাছাও জিলাখনৰ জনজীৱন সম্পূৰ্ণ ব্যাহত হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সূত্ৰৰ পৰা জানিব পৰা গৈছে জাতিংগাৰ পৰা হাৰেংগজাওৰ মাজত তিনি ঠাইত ভূমিস্খলন হোৱাৰ বাবে হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল বন্ধ হৈ পৰিছে ।

লগতে পঢ়কঃ হাউলীত আৰক্ষীৰ জালত চাৰিটা দূধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details