হাফলং,২৭ ছেপ্টেম্বৰ:বনকৰা কিশোৰীক পাশবিক অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰ শৈলন্দ্ৰ কুমাৰ যাদৱ আৰু তেওঁৰ পত্নী Posco আইনত গ্ৰেপ্তাৰ কৰা হৈছে । আজি হাফলঙত আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে হিমাচল প্ৰদেশলৈ নি বনকৰা কিশোৰীৰ ওপৰত পাশবিক অত্যাচাৰ চলোৱা সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে ।
এই সংবাদমেলত আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে কয় যে যোৱা ২৪ এপ্ৰিলত সামাজিক যোগাযোগ মাধ্যমত ভাইৰাল হোৱা এটি ভিডিঅ' প্ৰত্য়ক্ষ কৰি আৰক্ষীয়ে অনুসন্ধান চলাই এগৰাকী ১৭ বছৰীয়া কিশোৰীক ঘৰৰ কাম কাজৰ বাবে হিমাচল প্ৰদেশৰ পলুমপুৰলৈ নি সেনাবাহিনীৰ এগৰাকী মেজৰ আৰু তেওঁৰ পত্নীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ তথ্য লাভ কৰি ২৫ ছেপ্টেম্বৰ সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰে বুলি কয় আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে ।
আৰক্ষী অধীক্ষগৰাকীয়ে কয় ঘৰৰ কামৰ বাবে সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নী হাফলঙৰ পৰা এগৰাকী কিশোৰীক হিমাচল প্ৰদেশৰ পালমপুৰত লৈ যায় । ইয়াৰ পিচতে এই কিশোৰীগৰাকীৰ ওপৰত তেওঁলোকে আৰম্ভ কৰে অত্যাচাৰ । দীৰ্ঘদিন ধৰি এই দম্পতীয়ে নিৰ্যাতন চলায় । ইমানেই নহয় এই কিশোৰী গৰাকীৰ জিভা কটাৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষ গৰাকীয়ে কয় যে তেওঁৰ সমগ্ৰ শৰীৰত আঘাতৰ চিহ্ন পোৱা গৈছে । তেওঁৰ শৰীৰত গৰম গাখীৰ ঢালি দিয়া হৈছে । গৰম প্ৰেচাৰ কুকাৰ লগোৱা হয় । কিশোৰীগৰাকীক বিবস্ত্ৰ কৰি ফটো লোৱাৰ তথ্য প্ৰমাণ ইতিমধ্যে পাইছে আৰক্ষীয়ে । যাৰ বাবে Posco আইনৰ অধীনত সেনাবাহিনীৰ মেজৰ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হয় ।