হাফলং, 15 মে’: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ দুৰ্নীতিৰ ভুস্বর্গ লৈ পৰিণত হৈছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন অসম প্ৰদেশ কংগ্ৰেছৰ ৷ হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই এই অভিযোগ উত্থাপন কৰি কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এই দুৰ্নীতিৰ সৰ্বাধিনায়ক । সংবাদমেলত তেওঁ কয় যোৱা বছৰৰ 29 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠক পাতি ডিমা হাছাও জিলাৰ অন্যতম জ্বলন্ত সমস্যা খোৱা পানীৰ সমস্যা সমাধানৰ বাবে 110 কোটি টকাৰ আবণ্টন দিছিল । কিন্তু পানীৰ সমস্যা বাদেই, কামৰ বিন্দুমাত্ৰ অগ্ৰগতিয়ে হোৱা নাই পাহাৰীয়া জিলাখনত৷ (Assam Pradesh Congress committee press conference) ।
ভট্টাচাৰ্যই লগতে কয় যে ডিমা হাছাও জিলাত সকলো নৈৰ পৰা অবৈধ ভাৱে শিল আহৰণ কৰি থকা হৈছে যাৰ বাবে পানীৰ এনে সংকটে দেখা দিছে । কিন্তু এই ডিজিটেল যুগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ৰাইজক কৈ আছে পানীৰ বাবে এতিয়া ভগৱানৰ ওচৰতে বিশ্বাস ৰাখক ! যদি ভগৱানৰ ওচৰতে ৰাইজে বিশ্বাস ৰাখিব লগা হয় তেনেহলে ইয়াত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দৰকাৰ কি আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে অভিযোগ কৰি কয় যে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যজনৰ ওপৰত দিছপুৰৰ আশীৰ্বাদ আছে যাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ।
সংবাদমেলত অপূৰ্ব ভট্টাচাৰ্যৰ আন এক অভিযোগ ডিমা হাছাও জিলাত অসম মালাৰ অধীনত চৰকাৰে মাটি অধিগ্ৰহণ কৰিছে ৷ কিন্তু মাটি অধিগ্ৰহণৰ টকা কোনে পাইছে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁৰ অভিযোগ তোলে যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ আশীষধন্য লোকসকলে হে ক্ষতিপূৰণ পাইছে । প্ৰকৃতপক্ষে যি সকলৰ মাটি অধিগ্ৰহণ কৰা হৈছে তেওঁলোকে এই ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ তুলি ভট্টাচাৰ্যই কয় প্ৰকৃতিৰ অনুপম সৃষ্টি ডিমা হাছাও এতিয়া আৰু প্ৰকৃতিৰ বাবে পৰিচিত হৈ থকা নাই । ভাৰতৰ সকলোৱে জানে ৰ্দুনীতিৰ অভিযোগত প্ৰৱৰ্তন নিৰ্দেশালয়(ED)য়ে জেৰা কৰা এগৰাকী ব্যক্তিৰ নেতৃত্বত বিজেপিয়ে ডিমা হাছাও জিলাত শাসন চলাই আছে । ডিমা হাছাওত যি ধৰণৰ দুৰ্নীতি চলি আছে তাত উন্নতি আৰু উন্নয়ন কেনেকৈ হ’ব বুলিও কটাক্ষ কৰে কংগ্ৰেছ নেতাজনে। ভট্টাচাৰ্যই আৰু কয় যে জিলাখনত আইন শৃংখলা বুলি একো নাই, অবাধ দুৰ্নীতি চলিছে আৰু কিন্তু বিজেপিয়ে কয় যে তেওঁলোক এটা সংস্কৃতি পৰায়ণ আৰু দুৰ্নীতিমুক্ত দল৷
ভট্টাচাৰ্যৰ অভিযোগ, পাহাৰীয়া জিলাত গণতন্ত্ৰৰ সলনি সন্ত্ৰাসৰ ৰাজত্ব চলিছে। বিজেপিৰ আমোলত অপৰাধী ব্যক্তি হিচাবে চিনাক্ত হোৱা ব্যক্তিয়ে ৰেহাই পায়, চৰকাৰে ফেচবুকত কবিতা লিখা কলেজীয়া ছাত্ৰীক গ্ৰেপ্তাৰ কৰে কিন্তু EDয়ে চিনাক্ত কৰা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য নিৰাপত্তাৰে সৈতে মুকলি আকাশৰ তলত ঘূৰি ফুৰে। কিন্তু আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি মন্তব্য কৰি অপূৰ্ব ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় ডিমা হাছাও জিলা কংগ্ৰেছে এই জিলাখনত বসবাস কৰা লোক সকলৰ জীৱন সম্পত্তি আৰু প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে সংকল্প গ্ৰহণ কৰিছে । ডিমা হাছাও জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত জিলাৰ তিনিটা মণ্ডলৰ পৰা কেইবাগৰাকী সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত জড়িত সদস্যই কংগ্ৰেছ দলত যোগদান কৰে বুলি সংবাদমেলত জানিব লৈ দিয়ে অপূৰ্ব ভট্টাচাৰ্যই ।