অসম

assam

ETV Bharat / state

Anti Corruption Unit Raid : কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ গৃহৰ পৰা লাখে লাখে টকা উদ্ধাৰ - কাৰ্যবাহী অভিযন্তা

হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড ) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ নগাঁৱৰ বাসগৃহত শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ নগদ 45 লাখ 54 হাজাৰ 385 টকা জব্দ ৷

Anti Corruption Unit Raid
দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

By

Published : Aug 18, 2023, 4:10 PM IST

কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ নগাঁৱৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

হাফলং, 18 আগষ্ট : হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড ) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ নগাঁৱৰ বাসগৃহত শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তা জনৰ ঘৰৰ পৰা 45 লাখ 54 হাজাৰ 385 টকা নগদ ধন উদ্ধাৰ কৰে ৷ বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক নিজৰ কাৰ্যালয়ত এজন ঠিকাদাৰৰ পৰা 10 হাজাৰ টকা ঘোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰিছিল ৷

বৃহস্পতিবাৰে দিনৰ 12.30 বজাৰ পৰা নিশা 7.30 বজালৈ হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় আৰু তেওঁৰ চৰকাৰী আৱাসত 7 ঘণ্টা জুৰি অভিযান চলাই লক্ষাধিক টকা আৰু 17 টা এটিএম কাৰ্ড উদ্ধাৰ কৰাৰ উপৰিও বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰিছিল ৷ বৃহস্পতিবাৰ নিশা 8 বজাত হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ দুৰ্নীতি নিবাৰক শাখাৰ দলটো গুৱাহাটীলৈ ৰাওনা হয় ৷

ইয়াৰ পাছতে শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে মনোজ কুমাৰ শইকীয়াৰ নগাঁৱৰ ঘৰত অভিযান চলাই নগদ 45 লাখ 54 হাজাৰ 385 টকা জব্দ কৰে ৷ উল্লেখ্য যে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াই নগাঁৱত বিশাল সম্পত্তি গঢ়ি তুলিছিল ৷ নগাঁও চাপানলাত তেওঁৰ বহু কেইটা ফিচাৰী আৰু ফাৰ্ম হাউচ আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, নগাঁৱৰ বাসিন্দা মনোজ কুমাৰ শইকীয়াই ১১ মাহ পূৰ্বে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনত কাৰ্যবাহী অভিযন্তা হিচাবে যোগদান কৰিছিল ৷ ইয়াৰ পূৰ্বে তেওঁ নগাঁও লোক নিৰ্মাণ বিভাগত এছডিঅ’ হিচাবে কৰ্মৰত আছিল ৷ কাৰ্যবাহী অভিযন্তা হিচাবে পদোন্নতি পাই তেওঁ হাফলং লোক নিৰ্মাণ বিভাগত যোগদান কৰাৰ পিচতেই তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক :Mysterious death in Biswanath: বিশ্বনাথত অবৈধ প্ৰেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details