অসম

assam

ETV Bharat / state

সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বার্ষিক অধিৱেশনৰ সামৰণি - জিলা উপায়ুক্ত পল বৰুৱা

হাফলঙত অনুষ্ঠিত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি । সামৰণি অনুষ্ঠানত উপস্থিত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰফুল্ল ফংলো, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, মৃণাল হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বার্ষিক অধিৱেশনৰ সামৰণি
সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বার্ষিক অধিৱেশনৰ সামৰণি

By

Published : Mar 1, 2021, 2:32 PM IST

ডিমা হাছাও,১ মাৰ্চ: যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সফল সামৰণি ঘটে । এই বাৰ্ষিক অধিৱেশনখন সাংস্কৃতিক সমন্বয় ক্ষেত্ৰলৈ পৰিণত হৈছিল । উত্তৰ-পূৱৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ আৰু লোক সংস্কৃতিক তুলি ধৰা হয় এই অধিৱেশনখনত ।

হাফলঙত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ বার্ষিক অধিৱেশনৰ সামৰণি

বাৰ্ষিক অধিৱেশনখনৰ প্ৰথম দিনাৰ কাৰ্যসূচী উদ্বোধন কৰে জিলা উপায়ুক্ত পল বৰুৱাই । ডিমাচা জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ বিশদভাৱে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাই । অধিৱেশনৰ শেষৰ দিনা প্ৰকাশ্য অধিৱেশনত উপস্থিত আছিল সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰফুল্ল ফংলো, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, মৃণাল হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: লংকাত শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ মঞ্চ উদ্ধোধন

ABOUT THE AUTHOR

...view details