অসম

assam

ETV Bharat / state

ডিমা হাছাওত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউনৰ ঘোষণা - lockdown for 14 days in Dima Hasao

ডিমা হাছাও জিলাত গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই অহা 6 জুলাইৰ পৰা 14 দিনৰ বাবে সমগ্ৰ পাহাৰীয়া জিলাখনত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ডিমা হাছাওত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউনৰ ঘোষণা
ডিমা হাছাওত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউনৰ ঘোষণা

By

Published : Jul 4, 2020, 5:23 AM IST

Updated : Jul 4, 2020, 10:25 AM IST

ডিমা হাছাও, 4 জুলাই: গণ সংগ্ৰমণৰ পথত ডিমা হাছাও । অহা সোমবাৰৰ পৰা 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন থাকিব ডিমা হাছাও জিলাত । শুকুৰবাৰে ডিমা হাছাও জিলাত নতুনকৈ 8 গৰাকী লোক কোভিড-19 ত আক্ৰান্ত ধৰা পৰাৰ পাচতেই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ । ইয়াৰ মাজত 6 গৰাকী কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই । ডিমা হাছাও জিলাত কোভিড-19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 128 জনলৈ বৃদ্ধি ।

ডিমা হাছাওত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউনৰ ঘোষণা

জিলাখনত নতুনকৈ কোভিড-19 ত ৰোগত আক্ৰান্ত হোৱা 8 জন ৰোগীৰ মাজত 5 গৰাকী মানদাৰ দিছা চেকপোষ্টত কৰ্মৰত আৰক্ষীৰ কৰ্মী আৰু 1 গৰাকী ব্যক্তি দিয়ুংমুখ স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী কৰ্মীৰ পুত্ৰ । এই ছয় গৰাকী ব্যক্তিৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিবলৈ দিয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে ।

ডিমা হাছাও জিলাত গণ সংক্ৰমণ ৰোধ কৰাৰ বাবেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই অহা 6 জুলাইৰ পৰা 14 দিনৰ ভাৱে সমগ্ৰ পাহাৰীয়া জিলাখনত লক্ ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে,ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ পৌৰ নিগম আৰু নগৰ সমিতি এলেকাত শনি আৰু দেওবাৰে সাপ্তাহিক লক ডাউনৰ ঘোষণা কৰিছে । শুকুৰবাৰ সন্ধিয়া 7 টাৰ পৰা আৰম্ভ হৈছে সাপ্তাহিক লক ডাউন ।

এই সাপ্তাহিক লক ডাউনৰ মাজতেই সোমবাৰৰ পৰা 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন থাকিব ডিমা হাছাও জিলা । এই লক ডাউনৰ সময়চোৱাত স্বাস্থ্য পৰিসেৱা আৰু অত্যাৱশ্যকীয় পৰিসেৱাৰ বাহিৰে অন্যান্য দোকান পোহাৰ আদিকে ধৰি সকলো বন্ধ থাকিব বুলি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ইপিনে ডিমা হাছাও জিলাত কোভিড-19 ৰোগত 128 গৰাকী আক্ৰান্ত ৰোগীৰ মাজত 98 গৰাকী ৰোগী ইতিমধ্যে সুস্থহৈ নিজৰ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 30 গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷

Last Updated : Jul 4, 2020, 10:25 AM IST

ABOUT THE AUTHOR

...view details