অসম

assam

ETV Bharat / state

উমৰাংচ'ত আৰম্ভ ফেলকন মহোৎসৱ - ডিমা হাছাও ফেলকন মহোৎসৱ

প্ৰায় 40 পৰা 50 দিন উমৰাংচ'ত থকাৰ পিছত তাৰ পৰা বিদায় লয় আমুৰ ফেলকন পক্ষী । যাৰ বাবে এই সময়তেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ফেলকন মহোৎসৱৰ আয়োজন কৰে ৷

উমৰাংচোত আৰম্ভ ফেলকন মহোৎসৱ

By

Published : Nov 6, 2019, 7:21 PM IST

ডিমা হাছাও 6 নৱেম্বৰ: 15 নৱেম্বৰৰ পৰা উমৰাংচ'ত আৰম্ভ হ'ব ফেলকন মহোৎসৱ । হাফলংৰ পৰা 120 কিলোমিটাৰ দূৰত থকা উমৰাংচ' তুংবুং গাঁৱত থকা কপিলী হ্ৰদ আৰু গলফ্ খেল পথাৰত অনুষ্ঠিত হ'ব ফেলকন মহোৎসৱ । ডিমা হাছাও জিলাৰ উমৰাংচ'ত নৱেম্বৰ মাহৰ পৰা আমুৰ ফেলকন পক্ষীৰ আগমন ঘটে । এই আমুৰ ফেলকন চাবলৈ উমৰাংচ'ত ভিৰ কৰে পৰ্যটকে ৷

বনবিভাগে দিয়া তথ্য অনুসৰি, প্ৰতি বছৰে নৱেম্বৰ মাহৰ পৰাই চাইবেৰীয়া পৰা আমুৰ ফেলকন আহে উমৰাংচ'ত ৷ প্ৰায় 40 পৰা 50 দিন উমৰাংচ'ত থকাৰ পিছত তাৰ পৰা বিদায় লয় আমুৰ ফেলকন পক্ষী । যাৰ বাবে এই সময়তেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ফেলকন মহোৎসৱৰ আয়োজন কৰে ।

উমৰাংচ'ত আৰম্ভ ফেলকন মহোৎসৱ

উল্লেখ্য যে, এই বছৰ 15 নৱেম্বৰৰ পৰা 17 নৱেম্বৰ লৈ চলিব ফেলকন মহোৎসৱ । তিনিদিনৰ এই ফেলকন মহোৎসৱত থাকিব আন্তৰ্জাতিক ফেচন শ্ব' মিছ গ্ৰেণ্ড ফেলকন খেল কুইজ প্ৰতিযোগিতা সাংস্কৃতিক অনুষ্ঠান বিভিন্ন জাতি জনজাতি সকলৰ পৰম্পৰাগত খোৱাৰ ষ্টল আৰু জনজাতি সকলৰ হস্ততাঁত আৰু হস্ত শিল্পৰ প্ৰদৰ্শনীৰ আয়োজন কৰে ।

ABOUT THE AUTHOR

...view details