ডিমা হাছাও, 26 মে': ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা হাফলং চহৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান পোহাৰ বন্ধ কৰি দিছে হাফলং নগৰ সমিতিয়ে । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ ভয়ংকৰ হাৰত বৃদ্ধি পোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এই সিদ্ধান্ত । হাফলং চহৰত এতিয়াৰ পৰা পুৱা 6 বজাৰ দিনৰ 11 টা বজালৈকে মাত্ৰ গেলামাল, শাক পাচলি, মাছ-মাংস, কণী দোকান, বেকাৰী ফাৰ্মাচী খোলা থাকিব ৷
আনহাতে কৰ'ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত বাকি সকলো দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান হোটেল ৰেষ্টুৰেণ্ট অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব ৷ এইপৰ্যন্ত ডিমা হাছাও জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা 1121 গৰাকী লৈ বৃদ্ধি হৈছে ৷
মঙলবাৰৰ দিনটোত জিলাখনত 77 গৰাকী লোক নতুনকৈ ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে হাফলং অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগী সকলৰ বাবে বিচনাৰ অভাৱ দেখা দিছে ।