হাফলং, 11 জানুৱাৰী : সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল হাফিলা আৰু নাই (Prafulla Hafila passes away)৷ দীৰ্ঘদিনে অসুস্থ হৈ থকাৰ পিচত বুধবাৰে পুৱা অকাল মৃত্যুক সাৱটি লয় সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই ৷ বুধবাৰে পুৱা লংকাৰ লংহাই গাঁৱত মৃত্যু হয় ছাত্ৰনেতাগৰাকীৰ ৷
মৃত্যুৰ সময়ত হাফিলাৰ বয়স হৈছিল 48 বছৰ ৷ মৃত্যুৰ সময়ত তেওঁ এৰি থৈ যায় পত্নী-সন্তানসহ বহু আত্মীয়ক ৷ জানিব পৰা মতে ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী যোৱা ছয়-সাত মাহৰ পৰা কৰ্কট ৰোগৰ আক্ৰান্ত হৈ আছিল ৷ অৱশেষত বুধবাৰে পুৱা জীৱন যুদ্ধত হাৰমানি তেওঁ অকালতে মৃত্যুবৰণ কৰিব লগা হয় ৷
উল্লেখ্য যে, প্ৰফুল্ল হাফিলা 1991 চনৰ পৰা সদৌ ডিমাছা ছাত্ৰ সন্থাৰ লগতে জড়িত হৈ আছিল ৷ তেওঁ বহু বছৰ সদৌ ডিমাছা ছাত্ৰসন্থাৰ সভাপতি হিচাবে কাৰ্য সম্পাদন কৰাৰ পিচত বৰ্তমান তেওঁ সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পদত আছিল (ADSU advisor Prafulla Hafila) ৷ প্ৰফুল্ল হাফিলা এগৰাকী ছাত্ৰ নেতাৰ বাহিৰেও তেওঁ আছিল এজন সুদক্ষ সমাজকৰ্মী ৷
তেওঁ ডিমাছা জনগোষ্ঠীৰ কৃষ্টি-সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে বহু কাম কৰাৰ লগতে ডিমাছা জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছিল । তেওঁ সদায় ডিমাছা জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি গৈছে । ইয়াৰোপৰি প্ৰফুল্ল হাফিলাই পৃথক ডিমাৰাজী ৰাজ্য গঠনৰ দাবীৰ লগতে সক্ৰিয়ভাবে কাম কৰি গৈছিল ।
তেওঁৰ মৃত্যু ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ডিমাছা জনগোষ্ঠীৰ কাৰণে এক অপূৰণীয় ক্ষতি হিচাবে গণ্য কৰা হৈছে ৷ তেওঁৰ সাংগঠনিক দক্ষতাৰ বাবেই ৰাজ্যৰ প্ৰধান ছাত্ৰ সংগঠন আছুৰ সৈতে ডিমাছা ছাত্ৰ সন্থাৰ আছিল সুসম্পৰ্ক ৷ প্ৰফুল্ল হাফিলাই সমগ্ৰ উত্তৰ-পূৱৰ সকলো ছাত্ৰ সংগঠনৰ লগত মিলি খিলঞ্জীয়া ভূমিপুত্ৰৰ হকে কাম কৰি গৈছিল ৷ জনপ্ৰিয় ছাত্ৰনেতাগৰাকীৰ মৃত্যুত আছুৰ লগতে ৰাজ্য তথা উত্তৰ-পূৱৰ বিভিন্ন ছাত্ৰ সংগঠনে শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়াল বৰ্গৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰে ।
ইপিনে সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাৰ মৃত্যুৰ খবৰৰ পিচতে ডিমা হাছাও জিলাতো শোকৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ডিমা হাছাও জিলাৰ সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচা, ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুং, বঙালী কল্যান মঞ্চৰ সাধাৰণ সম্পাদক সুব্ৰত চৌধুৰীয়ে প্ৰফুল্ল হাফিলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে ।
আনহাতে ইতিমধ্যে ভংগ হোৱা ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচীভ ওয়েলফেয়াৰ চছাইটিৰ সভাপতি দিলীপ নুনিচাই প্ৰফুল্ল হাফিলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে সদৌ ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলাই ডিমাছা জনগোষ্ঠীৰ উন্নয়নৰ বাবে যি কাম কৰি গৈছে সেয়া অনস্বীকাৰ্য ৷ উল্লেখযোগ্য প্ৰফুল্ল হাফিলাৰ জন্ম হৈছিল 1975 চনৰ 20 জানুৱাৰীত লংকাৰ লংহাই গাঁৱত ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো হাফিলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে (Himanta Biswa Sarma Tweet)৷
লগতে পঢ়ক:Machhal sector tragedy : মাচাল চেক্টৰত দুৰ্ঘটনাত পতিত হৈ ৩ জোৱানৰ মৃত্যু