ডিমা হাছাও, 22 জুলাই: ডিমা হাছাও জিলাত পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে এগৰাকী ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত এজাহাৰ দাখিল ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ'ত এটা স্থানীয় নিউজ পৰ্টেলৰ বিশ্বজিৎ দে নামৰ এজন সাংবাদিকে ব্যৱসায়ীৰ পৰা ফোন যোগে বিচাৰিছিল ধন ৷ এক সংবাদ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ বাবে এই ধন দাবী কৰিছিল তথাকথিত সাংবাদিকজনে আৰু তাৰ পাছতে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ধন দাবীৰ সম্পূৰ্ণ অডিঅ' ক্লিপ ৷ ইয়াৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাহাৰীয়া জিলাত ৷
তথাকথিত সাংবাদিকজনৰ বিৰুদ্ধে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই উমৰাংচ' থানাত এক এজাহাৰ দাখিল কৰিছে (All Assam Karbi Students Association has filed a case against portal journalist)। কিয়নো তথাকথিত পৰ্টেলৰ সাংবাদিকজনে উমৰাংচ' বজাৰৰ ব্যৱসায়ী সুজিত চৌধুৰীৰ পৰা ফোন যোগে ধন দাবী কৰি কৈছিল যে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই টকা বিচাৰিছে । সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ নামত ভুৱা অপবাদ দিয়াৰ বাবে সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাই সাংবাদিকজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।