অসম

assam

By

Published : Jun 3, 2020, 9:22 PM IST

ETV Bharat / state

ডিমা হাছাও জিলাত পুনৰ 5 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

কৰ'ণা ভাইৰাছত আক্ৰান্ত 7 গৰাকী ব্যক্তিৰ দ্বিতীয় আৰু তৃতীয় কৰ'ণা টেষ্টৰ ৰিপোৰ্ট নিগেটিভ অহাৰ বাবে বুধবাৰে এই 7 গৰাকী ৰোগীক হাফলং অসামৰিক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

ডিমা হাছাও জিলাত পুনৰ 5 গৰাকী লোক কৰ'ণাত আক্ৰান্ত
ডিমা হাছাও জিলাত পুনৰ 5 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ডিমা হাছাও, 3 মে: ডিমা হাছাও জিলাত আৰু 5 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত। চেন্নাইৰ পৰা অহা 7 গৰাকী ব্যক্তিৰ দেহত বুধবাৰে ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি। এই লৈ ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 13 জনালৈ বৃদ্ধি হৈছে। আজি আক্ৰান্ত 5 গৰাকী ৰোগী চেন্নাইৰ পৰা হাফলং আহিছিল আৰু এই ব্যক্তি সকলক জিলাৰ বিভিন্ন কোৱাৰেন্টাইন চেণ্টাৰত ৰখা হৈছিল । হাফলঙৰ জয়শ্ৰী হোটেল, জৱাহৰ নৱোদয় বিদ্যালয় আৰু মাহুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চেণ্টাৰত থকা 5 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি।

13 গৰাকী ৰোগীৰ ভিতৰত 7 গৰাকী ব্যক্তি সুস্থ হৈ উঠিছে

আনহাতে পূৰ্বে কৰ'ণা ভাইৰাছত আক্ৰান্ত 7 গৰাকী ব্যক্তিৰ দ্বিতীয় আৰু তৃতীয় কৰ'ণা টেষ্টৰ ৰিপোৰ্ট নিগেটিভ অহাৰ বাবে আজি এই 7 গৰাকী ৰোগীক হাফলং অসামৰিক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

ইপিনে ডিমা হাছাও জিলাত নতুনকৈ 5 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হ'লেও বহি:ৰাজ্যৰ পৰা অহা আন 38 গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্টৰ ৰিপোৰ্ট নিগেটিভ আহে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিবলৈ দিয়ে। কৰ'ণা ভাইৰাছত আক্ৰান্ত মুঠ 13 গৰাকী ৰোগীৰ ভিতৰত 7 গৰাকী ব্যক্তি সুস্থ হৈ উঠাৰ ফলত বুধবাৰে ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 5 গৰাকী ৰোগী হাফলং অসামৰিক হাস্পতালত ভৰ্তি হয় আৰু এগৰাকী ৰোগী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ সনাতন ডেকাৰ ঘৰত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details