অসম

assam

ETV Bharat / state

ডিমা হাছাওত দুৰ্ঘটনাগ্ৰস্থ বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক - ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয়

54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেটজলৰ ওচৰতে দুৰ্ঘটনাত পতিত হয় বাৰমিজ চুপাৰি ভৰ্তি এখন ট্ৰাক ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে ডিমা হাছাও জিলাৰ মাজেৰে দৈনিক বহিঃৰাজ্যলৈ অবৈধ ভাৱে বাৰমিজ চুপাৰি সৰবৰাহ হয় বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

Accident Barmes Supari fulled Truck
ডিমা হাছাওত দুৰ্ঘটনাগ্ৰস্থ বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক

By

Published : Dec 17, 2020, 2:18 PM IST

ডিমা হাছাও, 17 ডিচেম্বৰ: ডিমা হাছাও জিলাত দুৰ্ঘটনাগ্ৰস্থ হয় 10 চকীয়া বাৰমিজ চুপাৰি ভৰ্তি এখন ট্ৰাক । শিলচৰ-লামডিং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেটজলৰ ওচৰতে বাৰমিজ চুপাৰি ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় । ডিমা হাছাও জিলাৰ মাজেৰে ম্য়ানমাৰৰ পৰা মিজোৰাম বৰাক উপত্যকা হৈ প্ৰতিদিনে শতাধিক ট্ৰাকে বাৰমিজ চুপাৰি লৈ বহি:ৰাজ্যত অবৈধ ভাৱে লৈ যায় ৷ বৈধ কাগজ পত্ৰ অবিহনে জিএছটি ফাঁকি দি বাৰমিজ চুপাৰি প্ৰতিদিনে বহিঃৰাজ্যলৈ যোৱা হয় বুলিও অভিযোগ উত্থাপন হৈছে ।

ডিমা হাছাওত দুৰ্ঘটনাগ্ৰস্থ বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক

আনহাতে ডিমা হাছাও জিলাৰ মাজেৰে এনেকৈ 10 চকীয়া ট্ৰাকে বাৰমিজ চুপাৰি লৈ যোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ উঠিছে। এনেই শিলচৰ-হাফলঙৰ 54 ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচৰাৰ পৰা ইনৰিম বাংলো পৰ্যন্ত ৰাষ্ট্রীয় ঘাইপথ খনৰ অৱস্থা শোচনীয়। এই পথছোৱা বেয়া হোৱাৰ বাবেই এনেদৰে ৰেটজলৰ কাষত বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক খন দুৰ্ঘটনাত পতিত হয় বুলি মন্তব্য কৰে বহুজনে ৷ কিন্তু ট্ৰাক দুৰ্ঘটনাত পতিত হ'লেও ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

ডিমা হাছাওত দুৰ্ঘটনাগ্ৰস্থ বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক

লগতে পঢ়ক:চাৰিপুনিয়া পৰিষদৰ বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নাই কোনো প্ৰতিদ্বন্দ্বী !

ABOUT THE AUTHOR

...view details