ডিমা হাছাও, ২৯ জুন : ডিমা হাছাও জিলাৰ হাফলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মঙলবাৰে সংঘটিত এই পথ দুৰ্ঘটনাত (Road Accident) আঘাতপ্ৰাপ্ত হয় ৫ গৰাকীকৈ লোক । পুৱা হাফলং চৰকাৰী বাগান এলেকাত সংঘটিত হয় এই দুৰ্ঘটনাটো । এখন অটো ৰিক্সা (auto rickshaw) আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ (fire brigade vehicle) মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ।
জানিব পৰা মতেনিম্ন হাফলঙৰ পৰা অটো ৰিক্সাখন হাফলং বজাৰ অভিমুখে অহাৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত অটোত থকা ৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত আহত কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে । যানবাহন শাখাৰ আৰক্ষী (Traffic Police) বিষয়া পংকজ দলেই জানিবলৈ দিয়া মতে শাক পাচলি আদি লৈ নিম্ন হাফলঙৰ পৰা অটো ৰিক্সাখন হাফলং বজাৰ অভিমুখে গৈ আছিল । আনহাতে এই দুৰ্ঘটনাত আহত হোৱা ৫ গৰাকী যাত্ৰীৰ ভিতৰত মহিলা গৰাকী আৰু আন এগৰাকী যাত্ৰীৰ আঘাট গুৰুতৰ ।
ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা যায় । দুৰ্ঘটনাটোৰ (Accident) সময়ত সেই স্থানত বহু কেইগৰাকী স্থানীয় লোক আছিল আৰু তেওঁলোকে অতি তৎপৰতাৰে আহত সকলক হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।