মৰাণ, 7 ফেব্ৰুৱাৰী : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দেওবাৰে ডিব্ৰুগড় জিলাত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানমৰ্মে জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে অৱস্থান দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীয়ে জিলাখনৰ প্ৰতিটো অঞ্চলৰ পেট্ৰ'ল পাম্পসমূহৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি চৰকাৰ মুৰ্দাবাৰ্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম নাই, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ডিব্ৰুগড় সদৰৰ লগতে চাবুৱা, বৰবৰুৱা, খোৱাং আদিত আছুৱে তীব্ৰ প্ৰতিবাদ সাবাস্ত কৰে ৷