ডিমা হাছাও, ১৪ অক্টোবৰ :ৰাজ্যত এতিয়া দুৰ্গা পূজাৰ (Durga Puja) আনন্দ উল্লাহ । সকলোতে দেৱী দুৰ্গাৰ পূজা অৰ্চনা চলিছে । ইয়াৰ মাজতে বিশেষ চৰ্চা লাভ কৰিছে ডিমা হাছা জিলাৰ এখন পূজাই । কিয়নো হাফলঙৰ জগন্নাথ মন্দিৰৰ এই পূজাখনে ভৰি দিলে ১০০ বছৰত ।
অৱশ্যে ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে পূজাখনৰ ১০০ বৰ্ষপূৰ্তি স্বত্বেও কোনো বিশেষ জাক জমকতা কৰা হোৱা নাই । কেৱল পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰেই পূজাৰ আয়োজন কৰা হৈছে । ইফালে ঐতিহ্যমণ্ডিত এই জগন্নাথ মন্দিৰেও ১১০ বছৰ অতিক্ৰম কৰিছে ।মন্দিৰত দুৰ্গা পূজাৰ তিনিদিন মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হয় কিন্তু এই বছৰ ক'ভিড পৰিস্থিতিৰ বাবে মাহ প্ৰসাদৰ কোনো ব্যৱস্থা কৰা নাই আয়োজকসকলে ।