অসম

assam

ETV Bharat / state

Flood hits Dima-Hasao : বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল - A light engine test run between Badarpur and New Haflong

১৪ মে'ত প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ (Lumding-Badarpur Broadgauge railway line) ৮৫ কিলোমিটাৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । যাৰ বাবে বিগত এমাহৰো অধিক সময় ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত ৰে'ল চলাচল বন্ধ থকাৰ ফলত ডিমা-হাচাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ মাজত ৰে'ল যোগাযোগ বিছিন্ন হৈ আছে ।

বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল
বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল

By

Published : Jun 21, 2022, 4:20 PM IST

ডিমা হাছাও, ২১ জুন :প্ৰকৃতিৰ ৰোষত পৰি তচনচ হৈছিল প্ৰকৃতিৰে বৰদান ডিমা-হাচাও জিলা (Dima-Hasao)। অসমৰ এই অপূৰ্ব সুন্দৰ পাহাৰীয়া জিলাখনত হোৱা বানে বিগত মাহত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল । প্ৰকৃতিয়ে অকৃপণভাৱে দান দিয়া প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ডিমা-হাচাও জিলাত বিগত মাহত প্ৰকৃতিয়ে কৰিছিল তাণ্ডৱ নৃত্য । যাৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

উক্ত প্ৰলয়ংকৰী বানত বিস্তৰ ক্ষতিৰ সন্মুখীন হয় পাহাৰীয়া জিলাখন (Flood hits Dima-Hasao)। যাতায়াত ব্যৱস্থাকে ধৰি অন্যান্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি হয় । স্থলপথ, ৰে'লপথেৰে যাতায়াত বিঘ্নিত হয় (Train communication collapsed)। উটুৱাই নিয়ে ৰে'লপথ, ঘাইপথ, দলং। যাৰ ফলত বহুদিন ধৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আন আন ৰাজ্যসমূহলৈও যোগাযোগ বিচ্ছিন্ন হৈ পৰে সমগ্ৰ ডিমা-হাচাও জিলাৰ (Dima-Hasao cut-off from other places)। লামডিং ৰে'ল ষ্টেচনৰ ভয়ংকৰ দৃশ্যই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ (Highly affected Lumding train station)।

তাৰ মাজতে জিলাখনত জীৱন-যাত্ৰা স্বাভাৱিক কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে বিভিন্ন বিভাগে । ইতিমধ্যে ৰে'ল বিভাগে (Indian Rail) বিধ্বস্ত ৰে'ল যোগাযোগ ব্যৱস্থা পুনৰ সক্ৰিয় কৰিবলৈ যুদ্ধৰ গতিত কাম কৰিছে । ৰে'লপথসমূহ মেৰামতিৰ লগতে বিধ্বস্ত দলংসমূহ পুনৰ নিৰ্মাণ, ৰে'ল লাইনসমূহ (re-construction of train lines in Dima-Hasao) পুনৰ বহুৱাকে ধৰি কামসমূহ আগবঢ়াই নিছে ৰে'ল বিভাগে ।

তাৰেই অংশ হিচাবে লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ (Lumding-Badarpur Broadgauge railway line ) বদৰপুৰ আৰু নিউ হাফলঙৰ মাজত মঙলবাৰে এটা লাইট ইঞ্জিন পৰীক্ষামূলকভাৱে চলায় উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই (A light engine test-run between Badarpur and New Haflong)। প্ৰায় ৪০ দিনৰ মূৰত মঙলবাৰে এই ইঞ্জিন চলে বদৰপুৰ আৰু নিউ হাফলং ষ্টেচনৰ মাজত।

বদৰপুৰ আৰু নিউ হাফলং ষ্টেচনৰ মাজত ৰে'লৰ অভিযান্ত্ৰিক বিভাগে ট্ৰেক চাৰ্টিফিকেট দিয়াৰ পিছতে আজি প্ৰথমবাৰৰ বাবে বদৰপুৰ আৰু নিউ হাফলঙৰ মাজত সফলভাবে এই ইঞ্জিন চলাচল কৰে । এতিয়া যদি সকলো ঠিকে-ঠাকে থাকে তেন্তে আগন্তুক এটা সপ্তাহৰ ভিতৰত শিলচৰ আৰু নিউ হাফলঙৰ মাজত এখন যাত্ৰীবাহী ৰে'ল চলাচলৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষৰ সূত্ৰই জানিবলৈ দিছে ।

উল্লেখ্য যে যোৱা ১৪ মে'ত প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ ৮৫ কিলোমিটাৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল । যাৰ বাবে বিগত এমাহৰো অধিক সময় ধৰি লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত ৰে'ল চলাচল বন্ধ থকাৰ ফলত ডিমা-হাচাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ মাজত ৰে'ল যোগাযোগ বিছিন্ন হৈ আছে । অহা ১০ জুলাইৰ ভিতৰত লামডিং আৰু শিলচৰৰ মাজত ৰে'ল চলাচল (Lumding-Silchar train communication) স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

লগতে পঢ়ক :বানত বুৰ গ'ল ৰহা নগৰ

ABOUT THE AUTHOR

...view details