অসম

assam

ETV Bharat / state

ডিমা-হাছাওত এগৰাকী কংগ্ৰেছ নেত্ৰী বলি হৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ ! - সমৰজিত হাফলংবাৰ

ডিমা হাছাওত এগৰাকী কংগ্ৰেছ নেত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাহাৰীয়া জিলাখনত ৷ আৰক্ষীয়ে নেত্ৰী গৰাকীক উগ্ৰপন্থীৰে সৰ্ম্পক থকাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিছে ডিমা-হাছাও জিলা কংগ্ৰেছে ৷

a-congress-leader-in-dima-hasao-claims-to-be-a-political-conspiracy-victim
ডিমা-হাছাওত এগৰাকী কংগ্ৰেছ নেত্ৰী ৰাজনৈতি ষড়যন্ত্ৰৰ বলি হোৱাৰ দাবী উত্থাপন

By

Published : Aug 18, 2021, 8:50 PM IST

ডিমা হাছাও, 18 আগষ্ট: ডিমা হাছাও জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী দিপালি হাপীলা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ দাবী ডিমা হাছাও জিলা কংগ্ৰেছৰ । ডিমাচা নেচনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনৰ লগতে সম্পৰ্ক থকাৰ অভিযোগত যোৱা 16 আগষ্ট ডিমা হাছাও মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী দিপালি হাপীলাক গ্ৰেপ্তাৰ কৰিছিল ডিমা হাছাও আৰক্ষীয়ে । অধিক সোধ-পোছাৰ বাবে বৰ্তমানে তেওঁ তিনিদিনৰ আৰক্ষীৰ জিম্মাত আছে ।

উগ্ৰপন্থী সংগঠনৰ লগতে সম্পৰ্ক থকাৰ অভিযোগত মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী গৰাকী গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ কংগ্ৰেছ নেত্ৰী গৰাকী গ্ৰেপ্তাৰ হোৱাৰ তিন দিনৰ পাছত অৰ্থ্যাৎ বুধবাৰে হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছে মহিলা কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ গ্ৰেপ্তাৰৰ সৰ্ন্দভত এখন সংবাদমেলৰ আয়োজন কৰে ৷

ডিমা-হাছাওত এগৰাকী কংগ্ৰেছ নেত্ৰী ৰাজনৈতি ষড়যন্ত্ৰৰ বলি হোৱাৰ দাবী উত্থাপন

সংবাদমেলত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সমৰজিত হাফলংবাৰে কয়, দিপালি হাপীলা সম্পূৰ্ণ নিৰ্দোষী ৷ তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ স্বীকাৰ হৈছে। সংবাদমেলত সমৰজিত হাফলংবাৰে কয় যে, দিপালি হাপীলা এগৰাকী সমাজ কৰ্মী হোৱাৰ লগতে তেওঁ জিলাখনৰ মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী । তেওঁ ডিমাচা মাদাৰচ এছোচিয়েচনৰ সভানেত্ৰীৰ দায়িত্বত থকাৰ সময়ত উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)ক মূল সুঁতি লৈ উভতাই অনাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিছিল ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

লগতে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে দিপালি হাপীলাৰ উগ্ৰপন্থী সংগঠনৰ লগত সম্পৰ্ক থকাৰ যি অভিযোগ উত্থাপন কৰিছে তাক তীব্ৰ গৰিহনা দিছে সমৰজিত হাফলংবাৰে ৷ লগতে তেওঁ ক’লে, 2009 চনত এই ধনপাইনন থাওচেনে উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)ক সহযোগিতা কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ তিনি মাহ শিলচৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল ।

কিন্তু এই দিপালি হাপীলা এগৰাকী সমাজ কৰ্মীৰ লগত তেওঁ এটা সময়ত বিজেপি দলৰ সদস্য আছিল ৷ তেওঁ অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ উপ-সভাপতিৰ দায়িত্বত আছিল ৷ কিন্তু তাৰ পিচতে বিজেপি দলত মতবিৰোধ দেখা দিয়াৰ ফলত তেওঁ কংগ্ৰেছ দলত যোগ দিয়ে বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে । তেওঁ সংবাদমেলত দিপালি হাপীলা সম্পূৰ্ণ নিৰ্দোষী বুলি মন্তব্য কৰি কয়, বিজেপিৰ এনে ধৰণৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ।

সংবাদমেলত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সমৰজিত হাফলংবাৰে ডিমা হাছাও আৰক্ষীক কোনো ৰাজনৈতিক চাপত পৰি তদন্ত নকৰিবলৈও আহ্বান জনায় ৷ লগতে সমৰজিতে সকলোকে শান্তি শৃংখলা বৰ্তাই ৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈও আহ্বান জানাই ৷

লগতে পঢ়কঃ ক'ভিড নীতিৰ মাজেৰে পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ABOUT THE AUTHOR

...view details