অসম

assam

ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আধৰুৱা সপোন পূৰ্ণ কৰিলে হাফলঙৰ সুভাশিষে

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিল হাফলংৰ সুভাশিষ ৷ নগাঁও ৰামানুজ কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অষ্টম স্থান লাভ মেধাৱী ছাত্ৰগৰাকীৰ ৷

বিজ্ঞান শাখাত অষ্টম স্থানত হাফলংৰ সুভাষীসৰ

By

Published : May 25, 2019, 5:45 PM IST

ডিমা হাছাও, ২৫ মে :সদ্যোঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হ’ল হাফলংৰ সুভাষীস দে য়ে ৷ নগাঁও ৰামানুজ কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অষ্টম স্থান দখল কৰি ডিমা হাছাও জিলাৰ নাম উজ্বলাবলৈ সক্ষম হয় সুভাষীসে ৷ হাফলং গড়কাপ্তানী বিভাগৰ কৰ্মী বাপ্পা দেৰ পুত্ৰ সুভাষীস ৷

বিজ্ঞান শাখাত অষ্টম স্থানত হাফলংৰ সুভাষীসৰ


উল্লেখ্য যে, ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাথোঁ ৭ নম্বৰৰ কাৰণে মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হৈছিল ছাত্ৰগৰাকী ৷ হাফলং ডনবছকো স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰগৰাকীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সফলতাত উৎফুল্লিত হৈছে ডনবছকো হায়াৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক শিক্ষিয়ত্ৰী । স্কুলখনৰ শিক্ষিয়ত্ৰী শামলী চক্ৰৱৰ্তী সুভাষীসৰ সাফল্যত অভিনন্দন জনায় ।

ABOUT THE AUTHOR

...view details