অসম

assam

ETV Bharat / state

Certificate forgery case in Dima Hasao : জালিয়াতিৰ অভিযুক্তসকলক সোধা-পোছা অব্যাহত আৰক্ষীৰ - জালিয়াতিৰ অভিযুক্তসকলক সোধা পোছা অব্যাহত আৰক্ষীৰ

হাফলঙৰ ভুৱা প্ৰমাণ পত্ৰ গোচৰৰ তদন্ত অব্যাহত আছে । এই ঘটনাৰ সৈতে জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Certificate forgery case of Haflong)। শেহতীয়াকৈ শিলচৰৰ পৰা ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অভিযুক্তসকলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Certificate forgery case
জালিয়াতিৰ অভিযুক্তসকলক সোধাপোছা অব্যাহত আৰক্ষীৰ

By

Published : May 1, 2022, 4:59 PM IST

ডিমা হাছাও, ১ মে' :ভুৱা প্ৰমাণ পত্ৰ বনোৱা চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ সক্ৰিয় হৈছে ডিমা হাছাও আৰক্ষী । জিলাখনত সংঘটিত ভুৱা প্ৰমাণ পত্ৰৰ এক গোচৰত (Certificate forgery case in Dima Hasao) আৰক্ষীয়ে এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৭ গৰাকীকৈ ব্যক্তিক । যোৱা ২৪ এপ্ৰিলত ভুৱা প্ৰমাণ পত্ৰৰে অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত যোগ দিবলৈ আহি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছিল দুজন যুৱক (Police arrest youth for certificate forgery) । লগে লগে এই ভুৱা প্ৰমাণ পত্ৰ বনোৱা চক্ৰটোৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰে ।

হাফলং সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়া মতে অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ানত ভৰ্তি হ'বলৈ আহি যোৱা ২৪ এপ্ৰিলত হাফলং পঞ্চম আৰক্ষী বেটেলিয়ানত মাধ্যমিকৰ ভুৱা প্ৰমাণ পত্ৰ দেখুৱাই গ্ৰেপ্তাৰ হৈছিল অমিত কালোয়াৰ আৰু সুৰজ কৰ্মকাৰ নামৰ দুই গৰাকী যুৱক । পৰৱৰ্তী সময়ত যুৱক দুজনক আদালতৰ নিৰ্দেশত চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনি সোধা-পোছা কৰা হৈছিল ।

তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত ২৭ এপ্ৰিলত হাফলং থানাৰ এছ আই লখিন্দৰ শইকীয়া আৰু গীতাৰ্থ চৌধুৰীৰ নেতৃত্বত ডিমা হাছাও আৰক্ষীৰ এটা দলে কাছাৰ আৰক্ষীৰ সহযোগত শিলচৰৰ পৰা আৰু ৫ গৰাকী লোকক ভুৱা প্ৰমাণ পত্ৰ বনোৱাৰ লগতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (Haflong police arrested 5 People for certificate forgery)।

জালিয়াতিৰ অভিযুক্তসকলক সোধাপোছা অব্যাহত আৰক্ষীৰ

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে অমিত কালোয়াৰক ভুৱা প্ৰমাণ পত্ৰ বিক্ৰী কৰা গোবিন্দ হাজামক প্ৰথমে গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ পাছতে শিলচৰৰ বিভিন্ন ঠাইৰ পৰা বাকী কেইজন ক্ৰমে প্ৰদীপ দেৱৰায়, উত্তম দে, নিজাম উদ্দিন চৌধুৰী আৰু সুমিত মহালিক গ্ৰেপ্তাৰ কৰা হয় । হাফলঙৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই লগতে কয় যে হাফলং থানাত থকা দ্বিতীয়টো গোচৰ ৩০/০২-ৰ অধীনত নিজাম উদ্দিন চৌধুৰী আৰু সুমিত মহালিক গ্ৰেপ্তাৰ কৰা হয় ।

তেওঁলোকৰ পৰা আৰক্ষীয়ে ভুৱা প্ৰমাণ পত্ৰ বনোৱা প্ৰিণ্টাৰ, লেপটপ আদি জব্দ কৰিবলৈ সক্ষম হয় । শুকুৰবাৰে উক্ত ৫ গৰাকী লোকক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁলোকক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে অধিক তদন্তৰ বাবে অভিযুক্ত কেইজনক সোধা-পোছা অব্যাহত ৰাখিছে হাফলং আৰক্ষীয়ে । কিন্তু এই ভুৱা প্ৰমাণ পত্ৰ বনোৱাৰ সৈতে জড়িত মূল মাষ্টৰমাইণ্ডৰ তিনি বছৰ পূৰ্বে মৃত্যু হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ডিমা হাছাওত চাৰ্টিফিকেট জালিয়াতি কাণ্ডৰ লগত জড়িত পাঁচ গৰাকীলোকক আটক

ABOUT THE AUTHOR

...view details