অসম

assam

ETV Bharat / state

ডিমা হাছাওত নিৰ্মাণ হ'ব চাৰিলেনযুক্ত পথ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ চি জি এম(CGM) আলোক কুমাৰে অৱগত কৰে যে, 1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ জাতিংগা-হাৰেংগাজাওৰ মাজৰ 25 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন দিয়া হৈছে।

By

Published : Nov 14, 2019, 8:42 AM IST

1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ 25 কিলোমিটাৰ চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ হ'বঃ ডেভিড কেভূম

ডিমা হাছাও, 14 নৱেম্বৰঃ 1 ডিচেম্বৰৰ আৰম্ভ হ'ব পৰা ডিমা-হাছাওৰ জাতিংগা-হাৰেংগজাও চাৰিলেন পথ নিৰ্মাণৰ কাম। উক্ত পথ নিৰ্মাণৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ইতিমধ্যে 54 কোটি টকা অনুমোদন দিয়া বুলি জনাইছে ডিমা হাছাওৰ ছাত্ৰ সংগঠনৰ সভাপতি ডেভিড কেভূমে ।

25 কিলোমিটাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ চি জি এম(CGM) আলোক কুমাৰে অৱগত কৰে যে, 1 ডিচেম্বৰৰ পৰা ডিমা হাছাওৰ জাতিংগা-হাৰেংগাজাওৰ মাজৰ 25 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন দিয়া হৈছে । আনহাতে চি জি এম(CGM) আলোক কুমাৰে উক্ত পথটো নিৰ্মাণৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াৰ বিশেষজ্ঞ দলৰ পিছত জাপানৰ বিশেষজ্ঞ দলে শিলচৰৰ ইষ্ট-ৱেষ্ট ক'ৰিডৰ পৰিদৰ্শন কৰে বুলিও ছাত্ৰ সংগঠনটোক অৱগত কৰে ৷ লগতে আলোক কুমাৰে জনায় যে, জাপানীজ বিশেষজ্ঞ দলৰ পৰামৰ্শ ম'তে চাৰিলেন পথ নিৰ্মাণৰ বাবে 'ডিপিআৰ' তৈয়াৰ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details