হাফলং 3 মাৰ্চ: 527 বছৰত ভৰি দিলে ডিমাছা ৰাজকন্যা দিচৰুৱে (Dimasa Princess Disru Birth Anniversary) ৷ শুকুৰবাৰে ডিমাছা মাদাৰচ এছ’চিয়েছনৰ উদ্যোগত হাফলং নগৰ সমিতিৰ পথাৰত ডিমাছা ৰাজকন্যা দিচৰুৰ 527 সংখ্যক জন্মজয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় (527th birth anniversary celebrations) ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা ৷ অনুষ্ঠানটোত সন্মানিত অতিথি হিচাপে উপস্থিতি থাকে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা (Power Minister Nandita Garlosa), উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছা ডিমাছা সাহিত্য সভাৰ সম্পাদক কুমুদ কেম্প্ৰাই ৷ ইয়াৰোপৰি উপস্থিত থাকে ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইচ হছমৰ সভাপতি কল্যান দাওলাগাপু ডিমাছা মাদাৰচ এছোচিয়েচনৰ উপদেষ্টা ড৹ লিনা হাকমকচা সভাপতি বিমলা লাংথাছা আৰু সাধাৰণ সম্পাদিকা মাইফল কেম্প্ৰাই ৷
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ঘোষণা কৰে যে অহা বছৰত ডিমাছা ৰাজকন্যা দিচৰুৰ 528 সংখ্যক জন্ম জয়ন্তীত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলংত ডিমাছা ৰাজকন্যাৰ মূৰ্তি স্থাপন কৰা হ’ব । ডিমাছা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আৰু ইতিহাসক লৈ বিশেষকৈ যুৱসমাজক সজাগ কৰি তোলাৰ ক্ষেত্ৰত আমি কাম কৰি যাম ৷