ডিমা হাছাও, 29 অক্টোবৰ:ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ পিছতো কেৰেপ কৰা নাই সৰবৰহাকাৰীয়ে (Drugs siezed in Dima Hasao) ৷ প্ৰতিদিনে ন-ন কৌশলেৰে আৰক্ষীৰ চকুত ধূলি ছটিয়াই ৰাজ্যত একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত ড্ৰাগছসহ 5 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে (5 arrested in Dima Hasao) ৷
পাহাৰীয়া জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে ডিমা হাছাও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ এতিয়ালৈকে জিলাখনত 20 টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বুজন পৰিমানৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷
ডিমা হাছাও জিলাত এতিয়া ড্ৰাগছ সহজ লভ্য হৈ পৰিছে ৷ শুকুৰবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি ডিমা হাছাও আৰক্ষীৰ ডিএছপি বৰকাৰী তেৰাঙৰ নেতৃত্বত হাফলং আৰক্ষীয়ে হাফলং চহৰৰ ৰেডিঅ’ ষ্টেচনৰ ওচৰতে এটা বাসগৃহত অভিযান চলায় ৷ এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী 5 যুৱক আৰু সন্দেহযুক্ত হেৰ’ইন, চিৰিঞ্জ আৰু মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ধৃত 5 যুৱকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
ইয়াৰ সমান্তৰালকে শনিবাৰে কামৰূপৰ ডি এছ পি কল্যাণ পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আমিনগাঁও আৰ্মী কেম্পৰ সমীপৰ এটা বাছ ষ্টেণ্ডত কামৰূপ আৰক্ষীয়ে অভিযান চলাই 15 পেকেট হেৰ’ইন জব্দ কৰে (Police seized heroine) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত হেৰ’ই‘খিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি টকা ৷ ঘটনা সন্দৰ্ভত কাৰ্বি আংলঙৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷ হেৰ’ইনখিনি শিলিগুৰিলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:Police seized heroin : আমিনগাঁৱত 1 কোটি টকাৰ হেৰ’ইন জব্দ