ডিমা হাছাও, 17 জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেয়া ফলাফল দেখুৱা ডিমা হাছাও জিলাৰ 5 খন চৰকাৰী বিদ্য়ালয় বন্ধ কৰা নহয় বুলি ঘোষণা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ চি ই এম দেৱলাল গাৰ্লচায় ।
ডিমা হাছাওৰ 5 খন চৰকাৰী বিদ্যালয় বন্ধ কৰা নহয় : দেৱলাল গাৰ্লচা শেহতীয়াকৈ 2019-20 শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱৰা ৰাজ্যৰ 17 খন বিদ্য়ালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ শিক্ষা বিভাগে ।
ৰাজ্যৰ এই 17 খন বিদ্য়ালয় ভিতৰত ডিমা হাছাও জিলাৰ আছিল 5 খনকৈ বিদ্য়ালয় । সেই বিদ্যালয় সমূহ হৈছে- খেপৰে বিদ্য়ালয়, চিমথুলুং বিদ্য়ালয়, লেইৰি বিদ্য়ালয়, খাৰতং বিদ্য়ালয় আৰু হাডিংমা বিদ্য়ালয় ।
এই 5 খন বিদ্য়ালয় হৈছে জিলাখনৰ আটাইতকৈ দুৰ্গম অঞ্চলৰ গাঁৱত থকা একো-একোটা বিদ্য়ালয় । ইয়াৰ বাহিৰে এই গাঁও কেইখনত নাই অন্যান্য় বিদ্য়ালয় । যাৰ বাবে যদি এই বিদ্য়ালয় কেইখন বন্ধ কৰি দিয়া হয় তেন্তে ইয়াৰে গাঁৱৰ ল'ৰা-ছোৱালী সকল সম্পূৰ্ণ ৰূপে শিক্ষাৰ পৰা বঞ্চিত হৈ পৰিব বুলি মন্তব্য কৰে চি ই এম দেৱলাল গাৰ্লচায় ।
গাৰ্লচাই সাংবাদিকৰ আগত কয় যে,ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাফলং ভ্ৰমণকালত কৈছিল ডিমা হাছাও জিলাৰ এই 5 খন বিদ্যালয়ৰ বন্ধ কৰাৰ ক্ষেত্ৰত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব । যাৰ বাবে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূণ্য দিয়া এই বিদ্যালয় খিনি বন্ধ কৰা নহয় বুলি জানিবলৈ দিয়ে ।
অৱশ্যে এই 5 খন বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব । যাতে আগন্তুক দিনত ডিমা হাছাও জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শূণ্যৰ ঘৰত নাথাকে এই বুলি উল্লেখ কৰে চি ই এম দেৱলাল গাৰ্লচায় ।
লগতে চাওকঃ কলিয়াবৰত চোৰাং চিকাৰী আটক