অসম

assam

ETV Bharat / state

হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্বোধন - স্বেচ্ছাসেৱী সংগঠনে

বৃহস্পতিবাৰে হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ এক প্ৰদৰ্শনীৰ উদ্বোধন কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই । পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাঁজপাৰ আৰু হাতেৰে তৈয়াৰী বিভিন্ন কাপোৰ এই প্ৰদর্শনীত প্ৰদশিত কৰা হৈছে ৷

হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্ধোধন
হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্ধোধন

By

Published : Feb 12, 2021, 10:06 AM IST

ডিমা হাছাও, 11 ফেব্ৰুৱাৰী: হাফলংত বৃহস্পতিবাৰৰ পৰা 5 দিনীয়াকৈ হস্ততাঁত আৰু শিল্প বিভাগৰ প্ৰদৰ্শনী আৰম্ভ হৈছে হাফলং সাংস্কৃতিক ভৱনত। প্ৰথমবাৰৰ বাবে ডিমা হাছাও জিলাৰ হস্ততাঁত আৰু শিল্প বিভাগে জিলা ভিত্তিক এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে ।

হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্ধোধন

বৃহস্পতিবাৰে হস্ততাঁত আৰু শিল্প বিভাগৰ এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই । পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাঁজপাৰ আৰু হাতেৰে তৈয়াৰি বিভিন্ন কাপোৰ এই প্ৰদর্শনীত প্ৰদশিত কৰা হৈছে ৷ জিলা খনৰ প্ৰায় 25 টা আত্মসহায়ক গোষ্ঠী আৰু স্বেচ্ছাসেৱী সংগঠনে ভাগ লৈছে এই প্ৰদর্শনীত ।

উল্লেখযোগ্য যে, ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হাতেৰে তৈয়াৰী পৰম্পৰাগত সাঁজপাৰ এতিয়া ভাৰতৰ লগতে বিদেশলৈও পঠিওৱা হয় । অহা 14 ফেব্ৰুৱাৰী হস্ততাঁত আৰু শিল্প বিভাগৰ ফালৰ পৰা আয়োজন কৰা প্ৰদর্শনীত ভাগ লোৱা আত্মসহায়ক গোষ্ঠী আৰু স্বেচ্ছাসেৱী সংগঠন সকলক লৈ 15 ফেব্ৰুৱাৰীত এখন চেমিনাৰ কাৰ্যসূচীৰ জৰিয়তে এই প্ৰদৰ্শনীৰ অন্ত পৰিব।

লগতে পঢ়কঃ18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details