ডিমা হাছাও,13 মে’: ডিমা হাছাওত অব্যাহত আছে সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ প্ৰতিবাদ ৷ উক্ত হত্যাকাণ্ডৰ প্ৰতিবাদত 36 ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনাইছে হালালি প্ৰগ্ৰেচিভ ৱেলফেয়াৰ ছ’চাইটিয়ে । বৃহস্পতিবাৰৰ পুৱা 5 বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বন্ধৰ শুকুৰবাৰে বিয়লি 5 বজাত অন্ত পৰিব । উল্লেখ্য যে, বিগত 24 এপ্ৰিল হাৰেংগজাওৰ পৰা আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠন ডিএইচডিৰ প্রাক্তন সদস্য তথা ঠিকাদাৰ সন্তোষ হোজাইক ঘৰৰ পৰা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰাৰ পিছত 30 এপ্ৰিলত উদ্ধাৰ হৈছিল মৃতদেহ ৷ উক্ত হত্যাকাণ্ডত ইতিমধ্যে জিলাখনৰ উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ নাম সাঙোৰ খাই পৰিছে ৷
সন্তোষ হোজাই হত্যাকাণ্ডঃ 36 ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান - Halali Progressive welfare society
ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আহ্বান জনোৱা হৈছে 36 ঘণ্টীয়া ডিমা হাছাও বন্ধ ৷ বৃহস্পতিবাৰৰ পুৱা 5 বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বন্ধৰ অন্ত পৰিব শুকুৰবাৰে বিয়লি 5 বজাত ৷ এই বন্ধৰ আহ্বান জনাইছে হালালি প্ৰগ্ৰেচিভ ৱেলফেয়াৰ ছ’চাইটিৰ সভাপতি দিলীপ নুনিচাই ৷

ডিমা হাছাও বন্ধৰ আহ্বান
ইপিনে, আত্মসমৰ্পণকাৰী ডিএইচডি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ তথা হালালি প্ৰগ্ৰেচিভ ৱেলফেয়াৰ ছ’চাইটিৰ সভাপতি দিলীপ নুনিচাই সন্তোষ হোজাইৰ হত্যাকাণ্ড জড়িতৰ সন্দেহত নাম সাঙোৰ খোৱা সূৰ্যকান্ত মৰাণক অনতিপলমে গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাই এই বন্ধৰ ঘোষণা কৰে ৷
লগতে চাওকঃনিশা শুই থকা অৱস্থাতে গুলীয়াই হত্যা এজনক