ডিমা হাছাও, 11 এপ্ৰিল : ডিমা হাছাও জিলাত শনিবাৰে পুনৰ দুগৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । ডিমা হাচাও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিক ডাঃ দিপালী বৰ্মনে জানিবলৈ দিয়ে এই কথা । শুকুৰবাৰ 4 গৰাকী ব্যক্তি ক’ৰণাত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পাছতে শনিবাৰে পুনৰ ৰেপিড এন্টিজেন পৰীক্ষাত দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । ইয়াৰ লগতে জিলাখনত ক’ৰণাৰ দ্বিতীয়টো সংক্ৰমণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি হয় ৷
ডিমা হাছাও পুনৰ ক’ৰণাত আক্ৰান্ত দুগৰাকী
ডিমা হাচাও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিক ডাঃ দিপালী বৰ্মনে জনসাধাৰণক ক’ভিড প্ৰট'কল মানি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায় ৷
ডিমা হাছাও পুনৰ ক’ৰণাত আক্ৰান্ত দুগৰাকী
ডাঃ দিপালী বৰ্মনে ৰাইজ সজাগ নহ’লে ডিমা হাছাও জিলাত পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ তেওঁ জনসাধাৰণক ক’ভিড প্ৰট'কল মানি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আহ্বান জনায় ৷ আনহাতে জিলাখনত বৰ্তমান প্ৰতিষেধকৰ নাটনি হোৱাৰ কথাও উল্লেখ কৰি তেওঁ কিছুদিনৰ ভিতৰতে পুনৰ যথেষ্ঠ সংখ্যক প্ৰতিষেধক যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :দিছপুৰলৈকে শিপা মেলিছে ব্ৰইলাৰ চিণ্ডিকেটে : আৰক্ষীৰ হাতত বিস্ফোৰক তথ্য