অসম

assam

ETV Bharat / state

পৰিচয় পত্ৰ অবিহনে ডিমা হাছাওলৈ যাব নোৱাৰিব কোনো লোক - প্ৰশাসন

ডিমা হাছাওত ক'ভিড -19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 149 জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে জিলাখনত প্ৰশাসনৰ পৰা কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷

149 COVID-19 Positive Case At Dimahasao District
ডিমা হাছাওত পৰিচয় পত্ৰ অবিহনে যাব নোৱাৰিব কিয় !

By

Published : Jul 21, 2020, 3:35 PM IST

ডিমা হাছাও, 21 জুলাইঃ ডিমা হাছাও জিলাত ক'ভিড 19 ৰোগীৰ সংখ্যা 149 জনলৈ বৃদ্ধি পায় ৷ বিহাৰৰ পৰা অহা চৰকাৰী কোৱাৰেন্টাইনত থকা এগৰাকী মহিলাৰ দেহত ক'ভিড 19 ৰ উপস্থিতি ধৰাৰ পৰাৰ লগতে ডিমা হাছাও কাছাৰ সীমান্তত থকা চেক পোষ্ট আৰু ডিমা হাছাও কাৰ্বি-আংলং সীমান্তত থকা চেক পোষ্টত ৰেপিড এন্টিজেন টেষ্টত পুনৰ আন দুগৰাকী ব্যক্তিৰ দেহত ক'ভিড 19 উপস্থিতি ধৰা পৰে । ইতিমধ্যে তিনিজন কৰণাত আক্ৰান্ত লোকক হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেশ্যনত ভৰ্তি কৰোৱা হৈছে ।

ডিমা হাছাওত পৰিচয় পত্ৰ অবিহনে যাব নোৱাৰিব কিয় !

উল্লেখ্য যে,বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াতৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ পৰা। ইয়াৰ বাবে ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ডিমা হাছাও কাছাৰ সীমান্তৰ ডিটেকচৰা ডিমা হাছাও কাৰ্বি-আংলং সীমান্তৰ দিয়ুংমুখ আৰু ডিমা হাছাও হোজাই সীমান্তত থকা মানদাৰদিছা চেক পোষ্টত স্বাস্থ্য কৰ্মী নিয়োগ কৰা হৈছে ৷ এই চেক পোষ্ট হৈ ডিমা হাছাও জিলাত প্ৰৱেশ কৰা সকলো ব্যক্তিৰ স্বাৱ পৰীক্ষা বাধ্যতামূলক কৰাৰ লগতে 14 দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগিব। আৰু ডিমা হাছাও জিলাত প্ৰৱেশৰ পথত সকলোকে চৰকাৰী ভাৱে পৰিচয় পত্ৰ দেখুৱাব লাগিব কৰ্মীৰ অভাৱত এতিয়া এই পৰিচয় পত্ৰ বিলাক নিৰীক্ষণৰ বাবে শিক্ষক সকলক নিয়োগ কৰা হৈছে ।

আৰু 22 জুলাইৰ পৰা ডিমা হাছাও জিলাত বাহিৰৰ পৰা অহা সকলো ব্যক্তিৰ স্বাৱ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে । ক'ভিড 19 ৰোগ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে স্বাস্থ্য বিভাগে । ইপিনে ডিমা হাছাও জিলাত ক'ভিড 19 ৰোগত আক্ৰান্ত 149 গৰাকী ৰোগীৰ মাজত 134 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ৷ বৰ্তমান 15 গৰাকী ৰোগী হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেশ্যনত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক- ক'ভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details