ডিমা হাছাও, 14 মে': অহা 19 মে'ত হাফলঙত ডিমা হাছাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত পালন কৰা হ'ব একাদশ ভাষা শ্বহীদ দিৱস ৷ মঙলবাৰে হাফলঙত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰি পৰিষদটোৰ সচিব পংকজ কুমাৰ দেৱে কয় যে, ইয়াৰ লগতে সংগতি ৰাখি সেই দিনটোতে সন্ধিয়া পালন কৰা হ'ব ৰবীন্দ্ৰ স্মৰণ ৷
ডিমা হাছাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত ভাষা শ্বহীদ দিৱস - SAMPA CHOUDHURY
অহা 19 মে' তাৰিখে ডিমা হাছাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত হাফলং সাংস্কৃতিক ভৱনত পালন কৰা হ'ব একাদশ ভাষা শ্বহীদ দিৱস ৷ মঙলবাৰে হাফলঙত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে পৰিষদটোৰ সচিব পংকজ কুমাৰ দেৱে ৷
একাদশ ভাষা শ্বহীদ দিৱস
19 মে'ৰ পুৱা 8 বজাত হাফলং সাংস্কৃতিক ভৱনৰ অস্থায়ী শ্বহীদ বেদীত একাদশ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ পাছত সন্ধিয়া 5 বজাত হাফলং সাংস্কৃতিক ভৱনত তিনিচুকীয়া আৰু লামডিঙৰ পৰা অহা অতিথি শিল্পী অস্মিতা মজুমদাৰ আৰু সম্পা চৌধুৰীয়ে সংগীত পৰিবেশন কৰিব । তেওঁলোকৰ উপৰি হাফলঙৰ কণমানি শিশু শিল্পীবৃন্দৰ দ্বাৰা এখন নাটকো মঞ্চস্থ কৰা হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে পংকজ কুমাৰ দেৱে ।