অসম

assam

ETV Bharat / state

জুবিন গাৰ্গৰ নতুন পৰিকল্পনা

জৈৱ বৈচিত্ৰৰে চহকী অসমৰ এখনো অৰণ্য বাদ নপৰাকৈ, সৰু-ডাঙৰ সকলো অৰণ্যক সাঙুৰি এক তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷ অসমৰ জৈৱ বৈচিত্ৰক বিশ্বৰ বুকুত পৰিচয় দিয়াৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা
অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা

By

Published : Dec 9, 2019, 8:30 AM IST

ডিব্ৰুগড়, 9 ডিচেম্বৰ:অসমৰ বনাঞ্চলসমূহক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ পৰিকল্পনা জুবিন গাৰ্গৰ ৷ মৃতপ্ৰায় অসমীয়া বোলছবিক নৱ চেতনাৰে পুনৰোজ্জীৱিত কৰা জুবিন গাৰ্গৰ নতুন পৰিকল্পনা অসমৰ সমূহ অৰণ্যক সাঙুৰি এখন তথ্যচিত্ৰ নিৰ্মাণৰ ৷

জুবিন গাৰ্গৰ নতুন পৰিকল্পনা

তেওঁৰ মতে, অসমৰ কিছু সংখ্যক অৰণ্যহে মানুহে চিনি পায় ৷ সেয়ে,জৈৱ বৈচিত্ৰৰে চহকী অসমৰ এখনো অৰণ্য বাদ নপৰাকৈ, সৰু-ডাঙৰ সকলো অৰণ্যক সাঙুৰি এক তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷

আগন্তুক 2020 চনৰ আৰম্ভণিৰ পৰাই এই তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব ৷ ইংৰাজী ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰখন ৷ তথ্যচিত্ৰ খনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব ডিব্ৰুগড়ৰৰ জয়পুৰ বৰ্ষাৰণ্যৰ পৰা ক্ৰমান্বয়ে অসমৰ সৰু-বৰ সকলো অৰণ্যক সামৰি ৷

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গে কয় যে,অসমত প্ৰথম বাৰৰ বাবে হ'ব এনে তথ্যচিত্ৰ ৷ 2020 বৰ্ষৰ 22 জানুৱাৰীত ডিব্ৰুগড়লৈ আহি প্ৰকল্পৰ কাম হাতত ল'ব বুলিও জনায় জুবিন গাৰ্গে ৷

লগতে পঢ়ক: বি টি এ ডিত শীঘ্ৰে মুক্তি পাব "দ্য বড়ো- ফাইট ফৰ আইডেন্টি" তথ্যচিত্ৰ

ABOUT THE AUTHOR

...view details