অসম

assam

ETV Bharat / state

হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ - জনপ্ৰিয় কণ্ঠশিল্পী

দেওবাৰে নিজৰ নামত নামকৰণ কৰা এটা পথ মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ ডিব্ৰুগড়ৰ বৈৰাগীমঠত নিজৰ নামত নামকৰণ কৰা এই পথ মুকলি কৰি যথেষ্ট সুখী অনুভৱ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ৷

হাৰ্থথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ
হাৰ্থথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

By

Published : Nov 30, 2020, 11:14 AM IST

Updated : Nov 30, 2020, 11:58 AM IST

ডিব্ৰুগড়, 30 নৱেম্বৰ :"মই মৰাৰ আগতে মোৰ নামত এটা আটক ধুনীয়া পথ মুকলি কৰিবলৈ পাই মই বহুত সুখী"৷ দেওবাৰে নিজৰ নামত নামকৰণ কৰা এটা পথ মুকলি কৰি ডিব্ৰুগড়ত এই মন্তব্য আগবঢ়ায় জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে ৷ ডিব্ৰুগড়ৰ বৈৰাগীমঠত নিৰ্মাণ কৰা হৈছে এই পথটো ৷

হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

গৌতম বৰদলৈ নামৰ এজন প্ৰকৃতি প্ৰেমী,উদ্যামী যুৱকে নিজৰ একক প্ৰচষ্টাৰে নিৰ্মাণ কৰি উলিওৱা এই পথটোৰ কাষৰ দেৱালত আটক ধুনীয়াকৈ অংকন কৰিছে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, খগেন মহন্ত, পাপন, জযন্ত হাজৰিকা, বিষ্ণু ৰাভা, আদি শিল্পী সকলৰ প্ৰতিচ্ছবি।

হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

ৰঙীণ আভাসেৰে ফুলৰ টাব, লাইট আদি দি সজাই তুলিছে পথটোৰ পৰিবেশ । ইয়াৰ পূৰ্বেও এই জন উদ্যমী সমাজ কৰ্মী যুৱকে ডিব্ৰুগড়ৰ বৈৰাগীমঠত একক প্ৰচেষ্টাৰে নিজ পিতৃ হেমবৰ বৰদলৈৰ নামেৰে এটা পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰিছিল । নিজৰ চেষ্টাৰে নিৰ্মাণ কৰা দ্বিতীয়টো পথ ৰাইজৰ বাবে উচৰ্গা কৰে তেওঁ ।

হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুকলি কৰিলে নিজৰ নামৰ পথ

চহৰখনৰ তিনি নম্বৰ ৱাৰ্ডৰ বৈৰাগীমঠত এই পথটো মুকলি কৰি শিল্পী জুবিন গাৰ্গে যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে অসমৰ বাট পথ সমূহ উন্নয়ন কৰাৰ দিশত চৰকাৰে বহুত কাম কৰিব লগীয়া আছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক:ঐতিহাসিক ১৮০ বছৰীয়া পৰম্পৰাৰে আৰম্ভ হ’ল দক্ষিণ পাট সত্রৰ ৰাস মহোৎসৱ

Last Updated : Nov 30, 2020, 11:58 AM IST

ABOUT THE AUTHOR

...view details