অসম

assam

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:11 PM IST

ETV Bharat / state

Shooting of a new Assamese film: গান এৰি চিকাৰত নামিল জুবিন গাৰ্গ

টিংখাঙৰ চাহ বাগিচাত চিকাৰত নামিছে জুবিন গাৰ্গ । এদল কলা-কুশলীৰ সৈতে চিকাৰত ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী । লগত আছে আন বহু শিল্পী কলা-কুশলীও । পিচে কিহৰ চিকাৰত ব্যস্ত শিল্পীগৰাকী ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Zubeen Garg busy with new Assamese film Sikar
গান এৰি চিকাৰত নামিল জুবিন গাৰ্গ

গান এৰি চিকাৰত নামিল জুবিন গাৰ্গ

ডিব্ৰুগড় ,৮ ছেপ্টেম্বৰ: টিংখাঙত চিকাৰত ব্যস্ত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । টিংখাঙৰ চাহ বাগিচাৰ পৰিৱেশত বিশেষ ব্যস্ত জনপ্ৰিয় শিল্পীগৰাকী । উল্লেখযোগ্য যে, উজনিৰ চাহ অধ্যুষিত অঞ্চল টিংখাঙৰ চাহ বাগিচাৰ পৰিৱেশৰ দৃশ্য এইবাৰ জিলিকি উঠিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অভিনয় আৰু সংগীত পৰিচালনাৰে মুক্তি পাব লগা নতুন ছবি 'চিকাৰ'ত ।

বাগিচাৰ পৰিৱেশৰ দৃশ্য গ্ৰহণ কৰিবলৈ টিংখাঙত উপস্থিত শিল্পীগৰাকী । উৎকট গৰমতো টিংখাং চাহ বাগিচাত 'চিকাৰ' বোলছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত জুবিন গাৰ্গ । এই ছবিখনত এজন আদিবাসী যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে । প্ৰথমবাৰলৈ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ পায় যথেষ্ট আনন্দিত বুলি কয় জুবিন গাৰ্গে ।

বোলছবিখনৰ ৭০ শতাংশ দৃশ্যগ্ৰহণ হ'ব লণ্ডনত । নতুন চিন্তাধাৰাৰে নিৰ্মাণ কৰা চিকাৰ বোলছবিখনত বিদেশৰ শিল্পীয়েও অভিনয় কৰিব । সেয়ে অসমবাসীলৈ এখন সুন্দৰ বোলছবি উপহাৰ দিব পাৰিব বুলি আশাবাদী শিল্পী জুবিন গাৰ্গ । লগতে টিংখাঙত উপস্থিত হৈ অতীতৰ স্মৃতি ৰোমন্থন কৰিলে জুবিন গাৰ্গে । টিংখাঙৰ ২৫ বছৰ আগৰ বহু স্মৃতি আজিও সজীৱ হৈ আছে । টিংখাঙৰ সৰুটি চাংমাই নামৰ ব্যক্তিজনৰ লগত টিংখাঙত পাৰ কৰা ভাল লগা সময়বোৰৰ কথাও কৈ গ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ।

উল্লেখ্য ক্ৰমাৎ টনকিয়াল হৈছে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগতো । ইতিমধ্যে ৰঘুপতিৰ পাছত ৰাঘৱক লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে অসমীয়া বোলছবিক লৈ । হাৰ্টথ্ৰব জুবিন গাৰ্গেও কেইবাখনো ছবিৰ পৰিকল্পনাৰ কথা ইতিমধ্যে ৰাজহুৱা কৰিছে । এনে ধৰণৰ ছবিসমূহে অসমীয়া বোলছবি উদ্যোগটোয়ে টনকিয়াল কৰিব সেয়া এক আশা কৰিব পাৰি ।

লগতে পঢ়ক:Tea workers protest:সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত বিশাল গণ গৰ্জন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details